জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সম্পৰ্কত ভাষ্য দিবলৈ এজনো নাহিল খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ চৌহদলৈ

আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ মহামান্য উচ্চ ন্যায়ালয়ৰ বৰ্তমান কাৰ্যৰত ন্যায়াধীশৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰাৰ চৰকাৰৰ সিদ্ধান্তটো সত্য আৰু ন্যায় বিচাৰৰ প্ৰতি এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

author-image
Asomiya Pratidin
New Update
128

ডিজিটেল ডেস্ক : জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সম্পৰ্কত এছ আই টিয়ে অৱ্যাহত ৰাখিছে সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া। এছ আই টিয়ে জুবিন গাৰ্গৰ ঘনিষ্ঠ সকলৰ উপৰিও আন আন লোকসকলৰ সাক্ষ্য গ্ৰহণ কৰিছে। চি আই ডি কাৰ্যালয়ত আজিও অৱ্যাহত আছে এই প্ৰক্ৰিয়া। 

একেদৰে ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ চৌহদত এছ আই টিয়ে সাধাৰণ ৰাইজৰ বাবেও জবানবন্দী গ্ৰহণৰ এক ব্যৱস্থা কৰিছে। ন্যায়িক তদন্ত আয়োগৰ জবানবন্দী গ্ৰহণৰ আজি দ্বিতীয়টো দিন। 

তাৎপৰ্যপূৰ্য কথাটো হৈছে যে, ৩ নৱেম্বৰ ২০২৫ সোমবাৰৰ পৰা আৰম্ভ হোৱা এই জবানবন্দী গ্ৰহন প্ৰক্ৰিয়াত মঙলবাৰৰ দ্বিতীয় দিনৰ পুৱাৰ ভাগলৈকে কোনো এগৰাকীয়ে আয়োগৰ সন্মুখত উপস্থিত হোৱা নাই। স্বাভাৱিকতে এনে কাৰ্যই বিষয়ববীয়াসকলৰ মাজত চিন্তাৰ উদ্বেগ ঘটাইছে। 

এই সম্পৰ্কত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে নিজৰ প্ৰতিক্ৰিয়া ৰাজহুৱা কৰিছে। তেওঁ লিখিছে এইদৰে- আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত কৰিবলৈ মহামান্য উচ্চ ন্যায়ালয়ৰ বৰ্তমান কাৰ্যৰত ন্যায়াধীশৰ নেতৃত্বত ন্যায়িক আয়োগ গঠন কৰাৰ চৰকাৰৰ সিদ্ধান্তটো সত্য আৰু ন্যায় বিচাৰৰ প্ৰতি এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

সকলো সত্য উন্মোচিত হোৱাৰ লগতে সম্পূৰ্ণ স্বচ্ছ আৰু নিৰপেক্ষভাৱে ন্যায় প্ৰদান নিশ্চিত কৰিবলৈ আয়োগৰ কাম-কাজত আমি সকলোৱে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব লাগিব আৰু আয়োগৰ কাৰ্যবিধিত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগিব।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া আয়োগে আৰম্ভ কৰিব তদন্ত। ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ আয়োগত দিব পাৰিব জবানবন্দী।

চানমাৰিৰ খাদী আৰু গ্ৰামোদ্যোগ বিভাগৰ চৌহদত গ্ৰহণ কৰিব জবানবন্দী। পুৱা ১০.৩০বজাৰ পৰা বিয়লি ৪ বজালৈ গ্ৰহণ কৰিব জবানবন্দী। 

জুবিন গাৰ্গ