মুখ্যমন্ত্ৰীৰ ডাঙৰ নিৰ্দেশঃ এতিয়াৰে পৰা ব্যক্তিগত চিকিৎসালয়ত চৰকাৰী চিকিৎসকৰ NO ENTRY!

মুখ্যমন্ত্ৰীৰ ডাঙৰ নিৰ্দেশঃ এতিয়াৰে পৰা ব্যক্তিগত চিকিৎসালয়ত চৰকাৰী চিকিৎসকৰ NO ENTRY!

author-image
Asomiya Pratidin
New Update
মুখ্যমন্ত্ৰীৰ ডাঙৰ নিৰ্দেশঃ এতিয়াৰে পৰা ব্যক্তিগত চিকিৎসালয়ত চৰকাৰী চিকিৎসকৰ NO ENTRY!

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীৰ এটা ডাঙৰ নিৰ্দেশনা। এই নিৰ্দেশনাই বহু সাধাৰণ লোকক কিছু সকাহ দিয়াৰ পৰিৱৰ্তে এচাম চিকিৎসক অসন্তুষ্ট হোৱাটোৱে স্বাভাৱিক। দেওবাৰে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা নিৰ্দেশ অনুসৰি স্বাস্থ্য বিভাগে নিৰ্দেশনা জাৰি কৰিছে যে, এতিয়াৰে পৰা চৰকাৰী চিকিৎসকে   কৰ্তব্যৰ সময়ত কোনো ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা সেৱা প্ৰদান কৰিব নোৱাৰিব।

Advertisment

যদিহে এনে কৰে তেন্তে কঠোৰ শাস্তিৰ মুখামুখি হব এনে চিকিৎসক।  মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতেই তৎকালীনভাৱে স্বাস্থ্যবিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। উল্লেখ কৰা প্ৰয়োজন যে, মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশনাক বহু দল-সংগঠনৰ লগতে সাধাৰণ জনতাইও আদৰণি জনাইছে।

শেহতীয়াকৈ দেখা গৈছিল যে, ৰাজ্যত বহু চৰকাৰী চিকিৎসকে কৰ্তব্যৰ সময়তে ব্যক্তিগত চিকিৎসালয়তো কাম কৰি আহিছিল। এনে বহু চিকিৎসকক স্বাস্থ্য বিভাগে নিলম্বনো কৰিছিল। এতিয়া স্বাস্থ্য বিভাগৰ এই কঠোৰ নিৰ্দেশনাৰ পাছত এনে কাম কৰি থকা একাংশ চিকিৎসকে কি পন্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা