গৰিমা শইকীয়া গাৰ্গক লৈ চলোৱা অপপ্ৰচাৰক কঠোৰ ভাষাৰে নিন্দা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

গৰিমা শইকীয়া গাৰ্গক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক মহলে চলোৱা অপপ্ৰচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ভাষাৰে নিন্দা কৰিছে

author-image
Asomiya Pratidin
New Update
494

ডিজিটেল সংবাদ, গুৱাহাটী : গৰিমা শইকীয়া গাৰ্গক কেন্দ্ৰ কৰি একাংশ ৰাজনৈতিক মহলে চলোৱা অপপ্ৰচাৰক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কঠোৰ ভাষাৰে নিন্দা কৰিছে। এই ধৰণৰ অপপ্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু দায়িত্বহীন বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, গৰিমা শইকীয়া গাৰ্গৰ সৈতে তেওঁৰ কোনো ধৰণৰ নিৰ্বাচন সন্দৰ্ভত আলোচনা হোৱা নাই। 

লগতে, মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কয়, “কাৰোবাৰ ব্যক্তিগত সন্মান ক্ষুণ্ণ কৰিবৰ বাবে এনেধৰণৰ কথা পাতি ৰাজনৈতিক লাভ ল’ব বিচৰাটো একেবাৰে উচিত নহয়। মই গৰিমা শইকীয়া গাৰ্গৰ সৈতে কোনো নিৰ্বাচনী বিষয়ত কথা পতা নাই। এই অপপ্ৰচাৰ এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ সুসংগঠিত কু-অভিসন্ধিৰ ফল।"

নিৰ্বাচনৰ পূৰ্বে এনে ভুৱা বাতৰি বিয়পাই পৰিৱেশ বিষাক্ত কৰাৰ চেষ্টা কৰা হৈছে বুলি অভিযোগ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। শেষত মুখ্যমন্ত্ৰীয়ে ৰাইজক আহ্বান জনাই যে ভুৱা বাতৰি আৰু অপপ্ৰচাৰৰ ফান্দত নপৰি সত্য আৰু দায়িত্বশীল ৰাজনীতিক সমৰ্থন জনাব লাগে।

গৰিমা শইকীয়া গাৰ্গ