Advertisment

কালিয়নী নৈত নাই দলং; টুলুঙা নাৱে সাৰথি...

ৰংবং আৰু কৰ্বিআংলঙৰ মাজেৰে বৈ যোৱা কালিয়নী নৈত নাই কোনো দলঙৰ ব্যৱস্থা। ইয়াৰ ফলত এখন টুলুঙা নাৱেৰেই মৰনত শৰণ দি কালিয়নী নৈখন ইপাৰ-সিপাৰ হয় বহুকেইখন গাঁৱৰ জনসাধাৰণে।

author-image
Asomiya Pratidin
New Update
নুমলীগড়

ডিজিটেল সংবাদ,নুমলীগড়: উন্নয়ন আৰু বিকাশৰ ঢাক ঢোল বজোৱা চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাইছে এখন ছবিয়ে। দুই জিলা ক্ৰমে কাৰ্বিআংলং আৰু গোলাঘাটৰ মাজৰ এখন নদীত জনসাধাৰণৰ বাবে টুলুঙা নাৱেই যাতায়তৰ একমাত্ৰ সম্বল স্বৰূপ।

Advertisment

বহু চৰকাৰ আহিছে আৰু গৈছে। কিন্তু, দুৰ্ভগীয়া জনসাধাৰণে আজিও ভুগিছে চৰম যন্ত্ৰণা। গোলাঘাট জিলাৰ সৰুপথাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংবং আৰু কৰ্বিআংলঙৰ মাজেৰে বৈ যোৱা কালিয়নী নৈত নাই কোনো দলঙৰ ব্যৱস্থা।

ইয়াৰ ফলত এখন টুলুঙা নাৱেৰেই মৰনত শৰণ দি কালিয়নী নৈখন ইপাৰ-সিপাৰ হয় বহুকেইখন গাঁৱৰ জনসাধাৰণে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, বান্দৰচাং বজাৰ আৰু ইয়াত অৱস্থিত এখন ৩০ খন বিচনাযুক্ত আদৰ্শ চিকিৎসালয়লৈ দৈনিক অগণন লোকে নৈখন পাৰাপাৰ হয়।

 বছৰ বছৰ ধৰি এনেদৰেই এখন টুলুঙা নাৱেৰে যাতায়ত কৰি আহিছে এই সকল দুৰ্ভগীয়া লোকে। বিভিন্ন সময়ত দুৰ্ঘটনাও সংঘটিত হৈছে। নিৰ্বাচনৰ সময়ত জনপ্রতিনিধি সকল আহে প্ৰতিশ্ৰুতি প্ৰদান কৰে। কিন্তু সকলো যেন ফুটুকাৰ ফেনত পৰিণত হয়।

আজি সাংবাদিকৰ আগত ৰংবংঘাটত কালিয়নী নদীৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি যাতায়তৰ দুৰ্ভোগৰ পৰা চৰকাৰে মুক্তি দিয়ক বুলি বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে দাবী উত্থাপন কৰে।

গোলাঘাট