/asomiyapratidin/media/media_files/2025/12/18/fsdfsdsds-2025-12-18-09-59-01.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ কপালৰ ঘাম মাটিত পেলাই সোণোৱালী শইচ উৎপাদনৰ সপোন বাস্তৱায়িত কৰিও ভৱিষ্যতক লৈ এতিয়া চাৰিওফালে কৃষকৰ হাহাকাৰ। পথাৰৰ পৰা আনি মৰণা মাৰি চোতালত জমা কৰি থোৱা কষ্টৰে উৎপাদিত ধান সময়ত বিক্ৰী কৰিব নোৱাৰি চকুত চকুপানী লৈ মুৰে কপালে হাত দি হা-হুমুনিয়াহ কাঢ়িছে শোণিতপুৰ জিলাৰ হেজাৰ হেজাৰ কৃষকে।
কৃষি বিভাগৰ চূড়ান্ত অৱহেলাৰ বাবেই নিজৰ ধান চৰকাৰক উপযুক্ত মুল্যত বিক্ৰী কৰিব নোৱাৰি ক্ষুদ্ধ হৈ পৰিছে কৃষক ৰাইজ। ইফালে কৃষকৰ সমস্যালৈ কোনোধৰণে গুৰুত্ব নিদি চৰকাৰে হঠাতে ২০২৫ বৰ্ষৰ পৰা ধানক্ৰয়ৰ ক্ষেত্ৰত নতুনকৈ আৰম্ভ কৰা পদ্ধতিক লৈ সম্প্ৰতি ব্যাপক খেলিমেলিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।
অভিযোগ মতে, ধান কটাৰ লগে লগে অসম চৰকাৰৰ কৃষি বিভাগে কৃষকৰ পৰা সেই ধান নিৰ্দিষ্ট সমৰ্থন মুল্যত ক্ৰয় কৰিবলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি জিলাই জিলাই ধানক্ৰয় কেন্দ্ৰ সমূহ মুকলি কৰি কৃষকক সকাহ দিব লাগে। এইক্ষেত্ৰত অসমীয়া প্ৰতিদিনত ২৯ নৱেম্বৰত এই প্ৰতিবেদকৰ বাতৰি প্ৰকাশ পোৱাৰ পিছত কৃষি বিভাগে শোণিতপুৰত বহু পলমকৈ হলেও মুকলি কৰা ধানক্ৰয় কেন্দ্ৰক লৈ সহস্ৰাধিক কৃষকে আশাৰ ৰেঙনি দেখিছিল।
কিন্ত কৃষকৰ সমস্যালৈ পিঠি দি কৃষিবিভাগে প্ৰতিগৰাকী কৃষকে উৎপাদিত ধান বিক্ৰীৰ কাৰণে পোনপ্ৰথমে বায়অমেটিক পদ্ধতিৰে খেতিয়ক বুলি এখন প্ৰমাণ পত্ৰ উলিয়াই লব লাগিব বুলি নিৰ্দেশ দিয়াৰ পিছতে ব্যাপক জটিলতা আহি পৰিছে। এনে সময়তে কৃষি বিভাগে নিজেই আৰম্ভ কৰা ব্যৱস্থাটোৰ আৰম্ভণিতে নিজেই চূড়ান্তভাৱে ব্যৰ্থ হোৱাৰ ঘটনাই স্বাভাৱিকতেই বিজেপি চৰকাৰৰ উন্নয়নৰ স্বৰূপটো সম্পুৰ্ণৰূপে উদঙাই দিছে।
অভিযোগ অনুসৰি, কৃষি বিভাগে অতি শেহতীয়াকৈ আৰম্ভ কৰা পদ্ধতিৰে বায়মেটিক মেচিন ব্যৱহাৰ কৰি কৃষকসকলে প্ৰথমতে ফিংগাৰ প্ৰিন্টৰ জৰিয়তে আধাৰকাৰ্ডৰ সৈতে সংযোগ কৰিব লাগে আৰু তাৰ পিছতহে কৃষকে নিৰ্দিষ্ট পঞ্জীয়ন লাভ কৰিব। সকলোতকৈ আশ্বৰ্যজনক বিষয় এয়ে যে কৃষিবিভাগে এই পদ্ধতিৰে কৃষকক ধান বিক্ৰীৰ বাবে প্ৰমাণ পত্ৰ দিবলৈ শোণিতপুৰত আজিলৈকে পৰ্যাপ্তভাৱে বায়অমেটিক মেচিন যোগানেই ধৰিব পৰা নোৱাৰাত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে।
জানিব পৰা মতে তেজপুৰ, ৰঙাপৰা,বৰছলা, ঢেকিয়াজুলি আৰু নদুৱাৰসহ পাঁচটা বিধানসভা সমষ্টিৰ এলেকাত কৃষি বিভাগৰ অধীনত পোন্ধৰটা কৃষিচক্ৰ আছে। সেই প্ৰতিটো কৃষিচক্ৰৰ বিপৰীতে আৰু প্ৰতি ধান ক্ৰয় কেন্দ্ৰৰ বিপৰীতে এটাকৈ বায়অমেটিক মেচিন যোগান ধৰিব লাগে যদিও সমগ্ৰ জিলাখনত মাত্ৰ দুটাহে এনে মেচিন যোগান ধৰিছে। কিন্তু কৃষিবিভাগে জিলাখনৰ হেজাৰ হেজাৰ কৃষকৰ বিপৰীতে মাত্ৰ দুটাহে বায়অমেটিক মেচিন যোগান ধৰাত এতিয়ালৈ ১০ শতাংশও কৃষকে ধান বিক্ৰীৰ বাবে প্ৰমাণপত্ৰ উলিয়াব পৰা নাই।
আনহাতে দুটা মেচিনৰ ভিতৰত এটা মাৰ্কেটিং বৰ্ডৰ হাতত থকাত অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিত বিভাগৰ লোকসকলে এটা মেচিনলৈয়ে জিলাখনৰ ১৫ টা কৃষি চক্ৰৰ এলেকাত কৃষকৰ বায়অমেটিক কৰিবৰ কাৰণে ঘুৰি ফুৰিব লগীয়া হৈছে।
ইফালে জিলাখনৰ প্ৰান্তে প্ৰান্তে ধানক্ৰয়ৰ কেন্দ্ৰ সমূহ মুকলি নকৰাৰ সুযোগ গ্ৰহণ কৰি সুবিধাবাদী ব্যৱসায়ী আৰু দালালে কৃষি বিভাগ আৰু জিলা প্ৰশাসনৰ চকুৰ আগতেই প্ৰতি কুইণ্টল ধান ১৭ শ টকাৰ ১৭৫০ টকাত কৃষকৰ পৰা পানীৰ দৰত ক্ৰয় কৰি লাখ লাখ টকাৰ মুনাফা লুটি অহাৰ পিছত অসম চৰকাৰৰ অৱহেলাত পুনৰ দালালে একেই সুবিধা লাভ কৰিছে।
আন এক অভিযোগ অনুসৰি, এতিয়াও জিলাখনৰ বিভিন্ন প্ৰান্তত দালালে কৃষকৰ পৰা প্ৰতি মোন ধান মাত্ৰ ৬৫০ ৰ পৰা ৬৯০ টকাৰ ভিতৰত আৰু প্ৰতি কুইণ্টল ১৬২৫ ৰ পৰা ১৭৫৯ টকাত ক্ৰয় কৰি আছে। অথচ চৰকাৰে কৃষকৰ পৰা কৃষকৰ পৰা প্ৰতি কুইণ্টল ধান ২৬১৯ টকাৰ সমৰ্থন মুল্যত ক্ৰয় কৰিব বুলি ঘোষণা কৰি যোৱা ২ ডিচেম্বৰ তাৰিখে ঢেকিয়াজুলিত ধানক্ৰয় কেন্দ্ৰৰ আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। এইক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা বায়অমেটিক ব্যৱস্থাৰ কাৰণেই এতিষা কৃষকসকলে ধান ক্ৰয় কৰাত বাধাৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, শোণিতপুৰৰ সমান্তৰালকৈ কৃষি বিভাগে গ্ৰহণ কৰা বায়অমেটিক ব্যৱস্থাক লৈ ৰাজ্যৰ গৰিষ্ঠ সংখ্যাক জিলাতে ধানবিক্ৰীৰ ক্ষেত্ৰত কৃষকসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। অভিযোগ মতে বায়অমেটিক মেচিন নথকাৰ ফলত শোণিতপুৰ,দৰং আৰু মৰিগাওঁ জিলাৰ বাদে আন কোনো জিলাতে এতিয়ালৈকে কৃষকৰ এই পঞ্জীয়ন আৰম্ভ হোৱা নাই।
আনহাতে, শোণিতপুৰে দুটা মেচিন লাভ কৰাৰ বিপৰীতে মৰিগাওঁ জিলাই মাত্ৰ এটা মেচিনহে পাবলৈ সক্ষম হৈছে। কৃষি বিভাগে বায়অমেটিক মেচিন যোগান ধৰাৰ হেতু কোনো প্ৰতিষ্ঠানৰ যোগেদি ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে যদিও জিলাসমূহে এতিয়ালৈকে লাভ কৰা নাই। এইক্ষেত্ৰত জিলাই জিলাই কৃষি বিভাগে অহা ২৫ ডিচেম্বৰৰ পিছতহে বায়অমেটিক মেচিন সমূহ লাভ কৰিব বুলি বিভাগীয় এক সূত্ৰত প্ৰকাশ হৈছে।
ইফালে, শোণিতপুৰ জিলাত ভাৰতীয় খাদ্য নিগমৰ অধীনত বিন্দুকুৰিত এটা, এ এফ এচ চি এল তথা চৰকাৰৰ অধীনত মিছামাৰী (চাৰিদুৱাৰ), ঢেকিয়াজুলি, বৰছলা আৰু জামুগুৰিহাটৰ কাঠবাৰীকে ধৰি জিলাখনত পাঁচটাকৈ ধান ক্ৰয় কেন্দ্ৰ আছে যদিও বায়অমেটিক মেচিন নথকাত সকলো ফুটুকাৰ ফেনতহে পৰিনত হৈছে।
উল্লেখ্য যে, ২০২১- ২০২২ বৰ্ষত শোণিতপুৰ জিলাত ৰাজ্যখনৰ আন জিলাৰ তুলনাত অভিলেখ ৰচি ৩১৪৩০২ মেট্ৰিকটন পৰিমানৰ ধান উৎপাদন হৈছিল আৰু ধান উৎপাদন ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ পিছতো কৃষকে সময়ত ধান বিক্ৰী কৰিব নোৱাৰি অতি চিন্তিত হৈ পৰিছে। ইফালে লাখ লাখ টকাৰে আত্মা নামৰ এক প্ৰকল্প ৰূপায়ণৰ নামত শোণিতপুৰ জিলা কৃষি বিভাগত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ আন এক গুৰুতৰ অভিযোগ উঠিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us