আন্তঃৰাষ্ট্ৰীয় মহিলা কাব্যমঞ্চৰ কবি সন্মিলন সম্পন্ন

আন্তঃৰাষ্ট্ৰীয় মহিলা কাব্যমঞ্চৰ নলবাৰী শাখাৰ উদ্যোগত কবি সন্মিলন এখন শুকুৰবাৰে নলবাৰীৰ গোপালবজাৰস্থিত ইউ কেপ ৰেস্তোৰাঁত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়।

author-image
Asomiya Pratidin
New Update
nalbari kobi

ডিজিটেল সংবাদ, নলবাৰী : আন্তঃৰাষ্ট্ৰীয় মহিলা কাব্যমঞ্চৰ নলবাৰী শাখাৰ উদ্যোগত কবি সন্মিলন এখন শুকুৰবাৰে নলবাৰীৰ গোপালবজাৰস্থিত ইউ কেপ ৰেস্তোৰাঁত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। আকৰ্ষণীয় আৰু গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত অধ্যক্ষতা কৰে নলবাৰী জিলা মহিলা কাব্যমঞ্চৰ অধ্যক্ষ তথা সুলেখিকা ডঃ মঞ্জু হালৈয়ে।

সভাৰ আঁত ধৰে নলবাৰী জিলা মহিলা কাব্যমঞ্চৰ মহাসচিব তথা কবি প্ৰণীতা হালৈয়ে। মুখ্য অতিথি হিচাপে অংশ লয় আন্তঃৰাষ্ট্ৰীয় মহিলা কাব্যমঞ্চৰ উত্তৰ পূৰ্বাঞ্চলৰ সম্পাদিকা তথা সুলেখিকা মালবিকা ৰায়মেধি দাসে (মেধা)।

অনুষ্ঠানত নিমন্ত্ৰিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকি নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ অধীক্ষক তথা লেখক, অধ্যাপক ডাঃ মাধৱ ৰাজবংশীয়ে ভাষণ দি কয় যে কবিতা লিখা এটা নিচা। জীৱনক উপলব্ধি কৰিব পাৰিলেহে কবিতা লিখিব পাৰি। পৃথিৱীৰ প্ৰথম কবিতাটোৰপৰা আজিলৈ যিমান কবিতাৰ জন্ম হ’ল সকলো কবিতাত এইবোৰ নিহিত হৈ আছে। সেয়ে কবিসকলক সমাজে আনতকৈ বেলেগ দৃষ্টিভংগীৰে চায়।

WhatsApp Image 2026-01-09 at 6.04.21 PM

অনুষ্ঠানৰ আন এগৰাকী নিমন্ত্ৰিত বিশিষ্ট ব্যক্তি অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠক বঁটা প্ৰাপক তথা নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বেজবৰুৱাই প্ৰাসংগিক সাৱলীল ভাষণ দি প্ৰতিগৰাকী কবিক শুৱনি বাগিচাৰ একোটা বিভিন্ন ৰঙৰ, বিভিন্ন আকাৰৰ আৰু স্বকীয় সুগোন্ধৰ ফুল বুলি অভিহিত কৰে। সেই অনুসাৰে কবিয়ে সৃষ্টি কৰা প্ৰতিটো কবিতাৰ আঁৰত বিভিন্ন ভাব, লক্ষ্য, চেতনা আৰু ৰস 
লুকাই থাকে।

কবিসকলৰ মানত একোটা কবিতা একোগছি শুভবন্তি আৰু সেই বন্তিৰে সমাজ শুভময় হোৱাৰ কামনা কৰে। তেনে কবিতাৰদ্বাৰা পাঠকে তৃপ্তি লাভ কৰে আৰু পাঠক উজ্জীৱিত হয় বুলিও লেখক, সাহিত্য সংগঠকগৰাকীয়ে কয়। ইয়াৰ পাছত কবি সন্মিলনখন অনুষ্ঠিত হয়। কবি সন্মিলনখন সঞ্চালনা কৰে নলবাৰী জিলা মহিলা কাব্যমঞ্চৰ মহাসচিব প্ৰণীতা হালৈয়ে। সচিব বনশ্ৰী চৌধুৰীয়ে ধন্যবাদসূচক ভাষণ প্ৰদান কৰে।

WhatsApp Image 2026-01-09 at 6.00.32 PM

শলাগৰ শৰাই আগবঢ়ায় কবি তথা মহিলা কাব্যমঞ্চৰ জ্যেষ্ঠা সদস্যা আৰতি মিশ্ৰই। ডঃ উপমা বৰ্মন ডেকা, চিত্ৰা বৰ্মন, নিৰ্জুনিশা দত্ত, ডাঃ পদুমী কলিতা, নয়নমণি ডেকা, মিনি বৰ্মন, প্ৰতিমা বৰবৰুৱা, মীনা তালুকদাৰ, আৰতি মিশ্ৰ, জয়শ্ৰী শৰ্মা, নিৰুপমা হালৈ, অকণ তালুকদাৰ বৰ্মন, ভাৰতী কলিতা, প্ৰণীতা হালৈ, ডঃ মঞ্জু হালৈ, বনশ্ৰী চৌধুৰী, জেচমিন হুছেইন, মালবিকা ৰায়মেধি দাস (মেধা) আদি জনপ্ৰিয় কবিসকলে কবি সন্মিলনত স্বৰচিত কবিতা পাঠেৰে অংশ লৈ সন্মিলনখন মনোগ্ৰাহী কৰি তোলে।

অসম সংগীতেৰে অনুষ্ঠান সামৰা হয়। উল্লেখযোগ্য যে অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ তিনিগৰাকী প্ৰাতঃস্মৰণীয় বিশিষ্ট ব্যক্তি ক্ৰমে বিশ্ববন্দিত ডঃ ভূপেন হাজৰিকা, বিশ্বশিল্পী জুবিন গাৰ্গ আৰু আন্তঃৰাষ্ট্ৰীয় বাঁহীবাদক দীপক শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।

কবি সন্মিলন