/asomiyapratidin/media/media_files/2025/11/14/fffffffffffff-2025-11-14-10-49-53.jpg)
ডিজিটেল ডেস্কঃ বিহাৰত অব্যাহত নীতিশ কুমাৰৰ যাদু। বিজেপিৰ সৈতে মিত্ৰতাত থাকিলেও এইবাৰৰ নিৰ্বাচনত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে নীতিশ কুমাৰৰ জে ডি ইউ দলে। পুৱা ১০.৩০বজালৈকে নীতিশ কুমাৰৰ দলে অকলেই লাভ কৰিছে ৮০আসন। ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰিছে ৭৭খন আসন। উল্লেখ কৰা প্ৰয়োজন যে, এন ডি এ মিত্ৰজোঁটে বৰ্তমানলৈকে ১৮১খন আসনত অগ্ৰগতি লাভ কৰি আছে। ২০২০ৰ নিৰ্বাচনতকৈ নীতিশ কুমাৰ দলে এতিয়ালৈকে প্ৰায় ৩৭খন আসনত অগ্ৰগতি লাভ কৰি আছে।
ৰাইজৰ এই সহাঁৰিৰ আভাস পূৰ্বেই পাইছিল নীতিশ কুমাৰে। এনে পৰিপ্ৰেক্ষিতেই হয়তো ফলাফলৰ এদিনৰ পূৰ্বেই বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আগতীয়াকৈ মিঠাই বিতৰণ কৰিলে সমৰ্থকসকলৰ মাজত। যোৱা ১৩নৱেম্বৰ, ২০২৫ৰ দিনাই নীতিশ কুমাৰে সমৰ্থক আৰু অনুৰাগীসকলৰ মাজত মিঠাই বিতৰণ কৰা দেখা গ'ল। এগজিট প'ল দেখিয়েই হয়তো নীতিশ কুমাৰে অত্যাধিক আত্মবিশ্বাসী হৈ ফলাফল ঘোষণাৰ পূৰ্বেই এনেদৰে জয় উদযাপন কৰিলে। আনহাতে বিৰোধীয়ে নীতিশ কুমাৰৰ এই আগতীয়া আনন্দৰ সংজ্ঞা দিছে আনধৰণে।
বিৰোধীয়ে নীতিশ কুমাৰৰ এই কাৰ্যক লৈ কটাক্ষ কৰি কৈছে যে, বেলট বাকচ মেনেজ কৰি সমাপ্ত হোৱাৰ বাবেই হয়তো নীতিশ কুমাৰে এনেদৰে আগতীয়াকৈ জয় উদযাপন কৰিছে। আনফালে নীতিশ কুমাৰৰ সমৰ্থকে বিৰোধীক কটাক্ষ কৰিছে যে, জনতাৰ ওপৰত থকা বিশ্বাসৰ বাবেই নীতিশ কুমাৰে এনে আত্মবিশ্বাস প্ৰদৰ্শন কৰিব পাৰিছে। ইফালে ৰাজ্যখনত বিৰোধী মহাজোঁটে এতিয়ালৈকে ৫৮খন আসনত অগ্ৰগতি লাভ কৰি আছে। ইয়াৰ ভিতৰত আৰ জে ডিয়ে ৪৪খন আৰু কংগ্ৰেছ ৭খন আসনত অগ্ৰগতি লাভ কৰি আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us