/asomiyapratidin/media/media_files/2026/01/20/ujjdd-2026-01-20-13-45-08.jpg)
ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ দায়িত্ব নীতিন নবীনে লোৱাৰ পাছতে সৃষ্টি হৈছে এক নতুন অভিলেখৰ। দেশৰ ৰাষ্ট্ৰীয় ৰাজনৈতিক দল সমূহৰ সভাপতিৰ তালিকাত আটাইতকৈ কম বয়সৰ সভাপতিজনেই হৈছে নীতিন নবীন। কিন্তু আপুনি জানেনে, দেশৰ আন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলসমূহৰ সভাপতিৰ বয়সৰ বিষয়ে।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, নীতিন নবীন ৪৫ বছৰ বয়সত বিজেপিৰ সভাপতিৰ দায়িত্ব লৈছে । ১৯৮০ চনত অটল বিহাৰী বাজপেয়ীয়ে ৫৫ বছৰ বয়সত বিজেপিৰ সভাপতি হৈছিল। গৃহমন্ত্ৰী অমিত শ্বাহ ২০১৯ চনত ৪৯ বছৰ বয়সত বিজেপিৰ সভাপতি হৈছিল। নীতিন নবীনৰ ঠিক আগতে কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাই এই পদত অধিষ্ঠিত হৈছিল। ৫৯ বছৰ বয়সত তেওঁ এই পদ গ্ৰহণ কৰিছিল।
এতিয়া আহো অন্য ৰাজনৈতিক দল সমূহৰ কথালৈ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ বয়স ৪৫বছৰ হোৱাৰ বিপৰীতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিৰ বয়স হৈছে ৮৩বছৰ। আনহাতে বিহাৰৰ মূল বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দলৰ লালু প্ৰসাদ যাদৱৰ বয়স ৭৭ বছৰ। বিহাৰৰ মুখ্যমন্ত্ৰী তথা জনতা দল ইউনাইটেডৰ মুৰব্বী নীতিশ কুমাৰে ৭৪ বছৰ বয়সত বিহাৰ পৰিচালনা কৰি আছে।
আনফালে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ বয়স ৭১ বছৰ। উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বহুজন সমাজ পাৰ্টিৰ মুৰব্বী ৭০ বছৰ, উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱৰ বয়স ৫২ বছৰ। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ বয়স ৫৭ বছৰ।
মুঠৰ ওপৰত দেশৰ ৰাজনৈতিক দল সমূহৰ সভাপতিৰ ভিতৰত কনিষ্ঠ সভাপতিজন গৈছে বিজেপিৰ আৰু বয়সীয়াল সভাপতি জন হৈছে কংগ্ৰেছ দলৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us