হেপ্পী বাৰ্থ ডে গৌৰৱ গগৈঃ গাডকাৰীৰ পোষ্ট দেখি নাৰাজ অসমৰ বিজেপি নেতা-কৰ্মী...

বিজেপিৰ এজন জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা দলটোৰ প্ৰাক্তন সভাপতিয়ে এক্স হেণ্ডেলত দিয়া এটা  পোষ্টেে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ বিজেপিৰ  নেতা আৰু সমৰ্থকে সহজভাৱে ল'ব পৰা নাই দলটোৰ জ্যেষ্ঠ

author-image
Asomiya Pratidin
New Update
uhhhd

ডিজিটেল ডেস্কঃ বিজেপিৰ এজন জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা দলটোৰ প্ৰাক্তন সভাপতিয়ে এক্স হেণ্ডেলত দিয়া এটা  পোষ্টেে অসমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাজ্যখনৰ বিজেপিৰ  নেতা আৰু সমৰ্থকে সহজভাৱে ল'ব পৰা নাই দলটোৰ জ্যেষ্ঠ নেতাজনৰ এই এক্স হেণ্ডেলৰ পোষ্টটো।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্যখনৰ বিজেপি নেতা-মন্ত্ৰীয়ে প্ৰায়ে আক্ৰমণৰ লক্ষ্য কৰি লৈ আহিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক। ৪ছেপ্টেম্বৰত ৪৩বছৰত ভৰি দিলে গৌৰৱ গগৈয়ে। কংগ্ৰেছ সমৰ্থকসকলে তেওঁক জন্মদিনৰ শুভেচ্ছা জনালে।

তাৰ মাজতে, কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়েও হৃদয় খুলি গৌৰৱ গগৈক জ্ঞাপন কৰিলে শুভেচ্ছা । এক্স হেণ্ডেলত গাডকাৰীয়ে লিখিলে-   যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈলৈ জন্মদিনৰ শুভেচ্ছা। আপুনি সুস্বাস্থ্য আৰু সুৰ্দীঘ জীৱনৰ গৰাকী হওঁক। 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই টুইট কংগ্ৰেছৰ সমৰ্থকসকলেও সামাজিক মাধ্যমত শ্বেয়াৰ কৰা দেখা গ'ল। পিছে গাডকাৰীৰ এই পোষ্টটো ভাল নাপালে অসমৰ বিজেপিৰ নেতা-সমৰ্থকসকলে। কিয়নো সুযোগ পালেই গৌৰৱ গগৈক তুলা-ধুনা দি আহিছে বিজেপিয়ে।

তাৰ মাজতে কেতিয়াবা সাংসদ ভৱনৰ সন্মুখত গৌৰৱ গগৈৰ প্ৰতি গাডকাৰীয়ে দেখুওৱা আদৰ আৰু এক্সত জন্মদিনৰ শুভেচ্ছা বাণীয়ে ব্যৰ্থিত কৰিছে একাংশ বিজেপিক। অৱশ্যে ৰাজনীতিৰ শত্ৰুতাৰ উৰ্ধলৈ গৈ গাডকাৰীয়ে প্ৰমাণ কৰি দিছে ব্যক্তিগতভাৱে তেওঁৰ আছে গৌৰৱ গগৈৰ প্ৰতি শ্ৰদ্ধা আৰু মৰম। 

অসমৰ কোনো বিজেপি নেতা-মন্ত্ৰীয়ে গৌৰৱ গগৈক জনোৱা নাই জন্মদিনৰ শুভেচ্ছা। সামাজিক মাধ্যমত এনে কোনো পোষ্ট বা শুভেচ্ছা বাণী দেখিবলৈ পোৱা নাই সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে। 

নীতিন গাডকাৰী গৌৰৱ গগৈ