কৃষি খণ্ডত নতুন দিগন্তৰ সূচনা

অসমৰ কৃষিভিত্তিক উদ্যোগৰ ক্ষেত্ৰত এক বৃহৎ সফলতা কঢ়িয়াই আনিছে নীতি আয়োগে। কাছাৰ জিলাৰ লক্ষীপুৰ ব্লকত আনাৰস খেতিৰ অধিক বিকাশ আৰু ইয়াৰ সঠিক ব্যৱহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নীতি আয়োগে ১.৬৪ কোটি টকাৰ এক বিশেষ অনুদান কৰিছে মঞ্জুৰ ।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে কাছাৰৰ লক্ষীপুৰৰ‌ আনাৰস খেতিয়ক সকলৰ বাবে আহিছে সু খবৰ।  লক্ষীপুৰ সমষ্টিৰ মাৰকুলিনৰ আনাৰস খেতিয়কসকলে এতিয়াৰে পৰা আনাৰস বিক্ৰীৰ বাবে আৰু চিন্তা কৰিব নালাগে। কিয়নো মাৰকুলিনত প্ৰতি বছৰে উৎপন্ন  হোৱা লাখ লাখ  সুস্বাদ্য আৰু ৰসাল আনাৰস এতিয়াৰে পৰা বিভিন্ন ভাবে মাৰকুলিনতে প্ৰছেছিং কৰি দেশ বিদেশলৈ ৰপ্তানী কৰিব পৰা যাব। 

WhatsApp Image 2026-01-04 at 12.40.23 PM

উল্লেখযোগ্য যে,কাছাৰ জিলাৰ কৃষি ভিত্তিক উদ্যোগ আৰু বহনক্ষম জীৱিকাৰ দিশত এক উল্লেখনীয় সফলতা কঢ়িয়াই আনিছে নীতি আয়োগে। কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰতিষ্ঠানে জিলাখনৰ লক্ষীপুৰ ব্লকৰ বাবে ‘লক্ষীপুৰ জিৰো-ৱেষ্ট পাইনএপল ইন’ভেশ্যন’ প্ৰকল্পৰ অধীনত ১.৬৪ কোটি টকাৰ এক বিশেষ অনুদান মঞ্জুৰ কৰিছে। ইপিনে এই অনুদান 'আকাংক্ষিত জিলা'  আৰু 'আকাংক্ষিত ব্লক' কাৰ্যসূচীৰ অধীনত প্ৰদান কৰা হৈছে।

WhatsApp Image 2026-01-04 at 12.39.54 PM

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে- এই অনুদানেৰে লক্ষীপুৰত আধুনিক জিৰো-ৱেষ্ট আনাৰস উৎপাদন কেন্দ্ৰ স্থাপন কৰা হ'ব। লগতে এই কেন্দ্ৰটো স্থাপন হ'লে আনাৰস প্ৰক্ৰিয়াকৰণ উদ্ভাৱনী প্ৰযুক্তিৰ প্ৰয়োগ দক্ষতা উন্নয়নৰ জৰিয়তে স্থানীয় কৃষক, মহিলা আত্মসহায়ক গোট আৰু নিৱনুৱাৰ যুৱক সকলৰ বাবে নতুন জীৱিকা আৰু কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত হ'ব। লগতে আনাৰস উৎপাদনৰ পাছত অৱশিষ্ট অংশসমূহ যাতে পেলাই দিয়া নহয়, বৰঞ্চ সেইবোৰৰ পৰাও মূল্য সংযোজিত সামগ্ৰী তৈয়াৰ কৰিব পৰা যায়, তাৰ বাবে এটা 'ইন’ভেশ্যন হাব' স্থাপন কৰা হ’ব।  পিনে পোনপটীয়াকৈ আনাৰস বিক্ৰী কৰাৰ সলনি প্ৰক্ৰিয়াকৰণৰ জৰিয়তে জাম, জেলি বা অন্যান্য সামগ্ৰী প্ৰস্তুত কৰিলে কৃষকসকলে উপযুক্ত মূল্য লাভ কৰিব।

WhatsApp Image 2026-01-04 at 12.39.57 PM

প্ৰণিধানযোগ্য যে, অহা দুমাহৰ ভিতৰত এই প্ৰকল্পটোৰ কাম আৰম্ভ হ'ব বুলি জানিবলৈ দিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী কৌশিক ৰায়ে। এই প্ৰকল্পৰ বাবে লক্ষীপুৰ ব্লকক নিৰ্বাচিত কৰা বাবে মন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন জনাইছে। কাছাৰৰ জিলা আয়ুক্ত মৃদুল যাদৱে এই পদক্ষেপক আদৰণি জনাই কয় যে, এই অনুদানে জিলাখনৰ কৃষি অৰ্থনীতিক এক নতুন গতি প্ৰদান কৰিব। ইয়াৰ দ্বাৰা অঞ্চলটোৰ আনাৰস খেতিয়কসকল যথেষ্ট উপকৃত হ’ব আৰু পৰিৱেশ অনুকূল ব্যৱসায়িক আৰ্হি গঢ়ি উঠিব।

WhatsApp Image 2026-01-04 at 12.48.11 PM

কাছাৰ আনাৰস