বিহাৰ কাৰ? ফলাফল ঘোষণাৰ এদিনৰ পূৰ্বেই নীতিশ কুমাৰে বিলাইছিল মিঠাই...

পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে বিহাৰ নিৰ্বাচনৰ ভোটগণনা। পঞ্চমবাৰৰ বাবে অভিলেখ সৃষ্টি কৰি নীতিশ কুমাৰ পুনৰ বিহাৰ দখল কৰি মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নাই তাক লৈ সকলো মনত উৎকন্ঠা। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা

author-image
Asomiya Pratidin
New Update
new ap web 1 (20)

ডিজিটেল ডেস্কঃ পুৱা ৮বজাৰ পৰা আৰম্ভ হৈছে বিহাৰ নিৰ্বাচনৰ ভোটগণনা। পঞ্চমবাৰৰ বাবে অভিলেখ সৃষ্টি কৰি নীতিশ কুমাৰ পুনৰ বিহাৰ দখল কৰি মুখ্যমন্ত্ৰী হ'ব পাৰিবনে নাই তাক লৈ সকলো মনত উতকন্ঠা। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা এইবাৰৰ বিহাৰ নিৰ্বাচনত ২,৬১৬গৰাকী প্ৰাৰ্থী অৱৰ্তীণ হৈছিল। দুটা পৰ্যায়ত ভোটদানৰ হাৰ আছিল ৬৭.১৩শতাংশ। 

উল্লেখ কৰা প্ৰয়োজন যে, বিহাৰৰ প্ৰায় ৭.৪৫কোটি ভোটাৰে এইবাৰ ভোটদান সাব্যস্ত কৰিছিল। ইতিমধ্যে ভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এগজিট প'লত এন ডি এ পুনৰ শাসনলৈ আহিব বুলি আগজাননী দিছে। এনে পৰিপ্ৰেক্ষিতেই হয়তো ফলাফলৰ এদিনৰ পূৰ্বেই বৰ্তমানৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আগতীয়াকৈ মিঠাই বিতৰণ কৰিলে সমৰ্থকসকলৰ মাজত।

যোৱা ১৩নৱেম্বৰ, ২০২৫ৰ দিনাই নীতিশ কুমাৰে সমৰ্থক আৰু অনুৰাগীসকলৰ মাজত মিঠাই বিতৰণ কৰা দেখা গ'ল। এগজিট প'ল দেখিয়েই হয়তো নীতিশ কুমাৰে অত্যাধিক আত্মবিশ্বাসী হৈ ফলাফল ঘোষণাৰ পূৰ্বেই এনেদৰে জয় উদযাপন কৰিলে। আনহাতে বিৰোধীয়ে নীতিশ কুমাৰৰ এই আগতীয়া আনন্দৰ সংজ্ঞা দিছে আনধৰণে।

বিৰোধীয়ে নীতিশ কুমাৰৰ এই কাৰ্যক লৈ কটাক্ষ কৰি কৈছে যে, বেলট বাকচ মেনেজ কৰি সমাপ্ত হোৱাৰ বাবেই হয়তো নীতিশ কুমাৰে এনেদৰে আগতীয়াকৈ জয় উদযাপন কৰিছে। আনফালে নীতিশ কুমাৰৰ সমৰ্থকে বিৰোধীক কটাক্ষ কৰিছে যে, জনতাৰ ওপৰত থকা বিশ্বাসৰ বাবেই নীতিশ কুমাৰে এনে আত্মবিশ্বাস প্ৰদৰ্শন কৰিব পাৰিছে। 

বিহাৰ বিহাৰ চৰকাৰ