/asomiyapratidin/media/media_files/2025/09/22/new-ap-web-5-16-2025-09-22-22-29-28.jpg)
ডিজিটেল ডেস্কঃ অধিক ঘনিভূত হৈছে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ৰহস্য। সামাজিক মাধ্যমত ভাইৰেল হৈছে ইটোৰ পাছত সিটো চাঞ্চল্যকৰ তথ্য। পোহৰলৈ আহিছে ন ন তথ্য। শেহতীয়াকৈ মডেল তথা অভিনেত্ৰী স্তুতি চৌধুৰীয়ে সামাজিক মাধ্যমত জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত অভিনেত্ৰী নিশিতা গোস্বামীৰ সৈতে হোৱা কিছু কথোপকথন প্ৰকাশ কৰিছে।
স্তুতি চৌধুৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নৰ্থ ইষ্ট ফেষ্টিভেলত অংশ ল'বলৈ ছিংগাপুৰলৈ গৈছিল অভিনেত্ৰী নিশিতা গোস্বামীও। কিন্তু এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাছিল তেওঁ। শিল্পী গৰাকীৰ মৃত্যুক লৈ উত্থাপিত হোৱা বিভিন্ন অভিযোগৰ পাছতো নিশিতা গোস্বামীয়ে মৌনতা অৱলম্বন কৰাক লৈ প্ৰশ্ন কৰিছিল স্তুতি চৌধুৰীয়ে।
তেওঁ সামাজিক মাধ্যমত লিখিছিল- নিশিতা গোস্বামী চক্ৰৱৰ্তী, চিতলী তুমি তাত আছিলা। মই এতিয়ালৈকে তোমাৰ গোপনীয়তাক যথেষ্ট সন্মান জনাই মনে মনে থাকিলো। কিন্তু এতিয়া যেতিয়া মানুহে তোমাৰ ছিংগাপুৰ ভ্ৰমণৰ বিষয়ে জানিছে সেয়ে মই ক'ব বিচাৰিছো তুমি জুবিন দাৰ মৃত্যু সন্দৰ্ভত যি জানা সেয়া ৰাজহুৱা কৰাৰ সময় আহি পৰিছে।
তেওঁ লগতে কয়, প্ৰতি গৰাকী অসমীয়াই সঁচা জনাৰ অধিকাৰ আছে। আমি যিহেতু ছিংগাপুৰত নাছিলো, তুমি আছিলা সেয়ে আমি তোমাৰ পৰা মাত্ৰ সত্য জানিব বিচাৰিচো। ১৯ তাৰিখে সন্ধিয়া ৫ বজাৰ পৰা ৫.৩০ বজাৰ ভিতৰত তোমাক দুবাৰ ফোন কৰিছিলো কেৱল গৰিমা বা লগত আছে নে নাই জানিবলৈ। তুমি মোৰ ফোন ৰিচিভ কৰা নাছিলা । পিছত ৰাতি ৯.৫৬ বজাত তুমি মোক হোৱাটছএপ কল এটা কৰিছিল।
হোৱাটছএপ কলত দুয়ো গৰাকীৰ মাজত হোৱা কথোপকথন এনেদৰে প্ৰকাশ কৰিলে স্তুতি চৌধৰীয়ে-
স্তুতি চৌধুৰী- তই গৰিমা বাৰ তাত আছ' নেকি এতিয়াও ?
নিশিতা গোস্বামী- নাই, মই ইয়াতে আছো।
স্তুতি চৌধুৰী- ইয়াত মানে?
নিশিতা গোস্বামী- ছিংগাপুৰ
স্তুতি চৌধুৰী- কি? কি কৈছ' তই?..কি হৈছিল চিটলি, কেনেকৈ হ'ল? তয়ো পেন পেচিফিক'ত আছো নেকি?
নিশিতা গোস্বামী- নকবি স্তুতি, মই মানি লব পাৰা নাই। কি যে হৈ গ'ল। মোক কৈছিল গোল্ডি দাই একেখন হোটেলতে থাকিবলৈ, মই নাই বুলি ক'লো। তোমালোকে ইমান পাৰ্টি কৰা সেইকাৰণে সমুখৰ এখন হোটেল লৈছো....
কেৱল এয়াই নহয় শ্যামকানু মহন্ত, জুবিন গাৰ্গ সন্দৰ্ভত নিশিতা গোস্বামীক কেবাটাও প্ৰশ্ন কৰিছিল স্তুতি চৌধৰীয়ে। উত্তৰত অভিনেত্ৰী গৰাকীয়ে নিজকে ভাগৰুৱা বুলি কৈ কিছু জিৰণি বিচাৰিছিল। ইতিমধ্যে সকলো কথা মুকলিকৈ নিজ ফেচবুকত প্ৰকাশ কৰিছে স্তুতিয়ে।
ইয়াৰ পাছতে কমেন্ট বক্সত অভিনেত্ৰী নিশিতা গোস্বামীলৈ বুলি বহু প্ৰশ্ন কৰিছে ৰাইজে। ইমান সময়ে কিয় এই সমগ্ৰ ঘটনা সন্দৰ্ভত মনে মনে আছিল লগতে জুবিন গাৰ্গৰ এখন ফ'টো সামাজিক মাধ্যমত পোষ্ট কৰি দায়িত্ব সাৰিব বিচাৰিছে নেকি বুলিও অভিযোগ কৰিছে একাংশই।