/asomiyapratidin/media/media_files/2026/02/02/lksdjfksdjfkdjfksdjfd-2026-02-02-12-33-32.jpeg)
নিউজ ডেস্কঃ মহানগৰীৰ বেলতলাৰ নিৰূপমা এপাৰ্টমেন্টত বৃহস্পতিবাৰৰ নিশা সংঘটিত ডকাইতি কাণ্ডৰে জড়িত আছিল সুভাষ, মাধৱ আৰু কাৰ্তিক। এই তিনিওটা ডকাইতক গ্ৰেপ্তাৰ কৰিছে মহানগৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ১৫লাখ ৫৬ হাজাৰ টকা।
ধৃত সুভাষ দাস, মাধৱ দাস আৰু কাৰ্তিক শৰ্মাক আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে। সমগ্ৰ কাণ্ডৰ মাষ্টাৰ মাইণ্ড আছিল মাধৱ দাস। পুৱতি নিশা মাধৱ দাস নামৰ ডকাইতটো আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা কৰিছিল যদিও আৰক্ষীৰ গুলীত সামান্য পৰিমানে আহত হয়।
চিকিৎসকৰ মতে তেওঁৰ বাওঁ ভৰিত গুলীৰ আঘাতৰ চিন পোৱা গৈছে। অৱশ্যে তেওঁৰ স্বাস্থ্য সংকটজনক নহয় বুলি চিকিৎসকে জানিবলৈ দিছে। উল্লেখ্য যে, নিৰূপমা এপাৰ্টমেন্টত ব্লক বি আৰু ব্লক এফ শেহতীয়াকৈ এই তিনিওটা ডকাইতে মূৰত হেলমেট আৰু মাস্ক পৰিধান কৰি ডকাইতি কাণ্ড সংঘটিত কৰিছিল।
ফ্লেটটোত থকা চিচি টিভি কেমেৰাত ধৰা পৰিছিল সেই দৃশ্য। দৃশ্যত দেখা গৈছিল যে- প্ৰথমে তিনিওটা ডকাইতে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ ব্লক বিত প্ৰৱেশ কৰিছিল। তাৰপাছত এ ব্লকত প্ৰৱেশ কৰি তাৰে ভূমি আৰু দ্বিতীয় মহলত থকা দুটা ফ্লেটৰ তলা ভাঙি ডকাইতি কাণ্ড সংঘটিত কৰিছিল।
মহানগৰীত ধাৰাবাহিকভাৱে ডকাইতি কাণ্ড সংঘটিত হৈ আহিছে। বেলতলা কাণ্ডৰ এদিনৰ পূৰ্বে ছয় মাইল-খানাপাৰা পথত লিলি হোটেলৰ সমুখতো এক ডকাইতি কাণ্ড সংঘটিত হৈছিল। গাড়ীৰে দুই বন্ধুক লৈ ন মাইলত থবলৈ গৈ থকা সময়ত ৮জনীয়া এই ডকাইতৰ দলটোৱে স্কুটীত আহি ব্যৱসায়ী জনক গাড়ী ৰখাবলৈ নিৰ্দেশ দিছিল। আৰক্ষী বুলি ভাবি ব্যৱসায়ীজনে গাড়ী ৰখাই দিয়াত গাড়ীখনত ধন সৰবৰাহ কৰিছে বুলি কৈ এই দলটোৱে ব্যৱসায়ীজনৰ গাড়ীত তালাচী চলাইছিল।
লগতে পঢ়কঃ যোৰহাটত দিন দুপৰতে ডকাইতি
সেই সময়তে ব্যৱসায়ীজনৰ কেইজনমান চিনাকী লোক আহি উক্ত স্থানত গাড়ীৰে উপস্থিত হোৱাত ডকাইতৰ দলটোৱে সুযোগ বুজি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই সন্দৰ্ভত ব্যৱসায়ীগৰাকীয়ে আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰিছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us