বাজেটৰ আৰম্ভণিতেই উদ্যোগ খণ্ডক লৈ ডাঙৰ ঘোষণা...

বাজেট ভাষণৰ প্ৰাৰম্ভণিতে কি কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। ভাষণৰ প্ৰাৰম্ভণিতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। বিশ্বস্তৰীয় সুবিধা দেশবাসীয়ে উপভোগ কৰিব পৰাকৈ আমি বাজেট দাখিল কৰি আহিছো। 

author-image
Asomiya Pratidin
New Update
1f0a2dab-2fb0-41f1-9866-6d109187686a (1)
  • বাজেট ভাষণৰ প্ৰাৰম্ভণিতে কি কি ঘোষণা কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
  • ভাষণৰ প্ৰাৰম্ভণিতে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা অৱগত কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।
  • বিশ্বস্তৰীয় সুবিধা দেশবাসীয়ে উপভোগ কৰিব পৰাকৈ আমি বাজেট দাখিল কৰি আহিছো। 
  • দৰিদ্ৰতা হ্ৰাস কৰাৰ বাবে আমি চেষ্টা কৰি আহিছো। চৰকাৰে বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।
  • বিগত ১২বছৰে আমাৰ দেশ আৰ্থিক বিকাশৰ অনিৰুদ্ধ গতিত আগবাঢ়িছে।
  • দেশত যাতে বিনিয়োগ বৃদ্ধি পায় তাৰ বাবে চৰকাৰে প্ৰদক্ষেপ গ্ৰহণ কৰি আহিছে।
  • প্ৰধানমন্ত্ৰীৰ নেতৃত্বত চৰকাৰে যথেষ্ট চিন্তা-ভাৱনা কৰি ভিন্ন নীতি গ্ৰহণ কৰিছে।
  • জনতাৰ আশা-আকাংক্ষা পূৰণৰ লগতে সকলো সম বিকাশক আমি কৰ্তব্য হিচাপে গ্ৰহণ কৰিছো।
  • প্ৰতিটো শ্ৰেণীৰ লোকৰ বিকাশ সাধন কৰাতো আমাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য হিচাপে গ্ৰহণ কৰিছো।
  • আমি বিচাৰিছো যে দেশৰ ক্ষুদ্ৰ উদ্যোগবোৰ আৰু অধিক মজবুত হওঁক।
  • আমি সামগ্ৰী প্ৰস্তুতকৰণৰ ওপৰত গুৰুত্ব দিব লাগিব। বিশ্বৰ বজাৰত আমি সবল খোজ থব লাগিব।
  • বায় ফাৰ্মাৰ চেক্টৰৰ বাবে অহা ৫বছৰৰ বাবে ১০হাজাৰ কোটি টকা ধাৰ্য কৰা হৈছে।
  • ছেমিকণ্ডাক্টৰ উদ্যোগৰ বাবে নিৰ্ধাৰিত ধনৰ পৰিমাণ দুগুণ কৰা হৈছে। অহা ৫বছৰৰ বাবে ৪০ হাজাৰ কোটি টকা অতিৰিক্তকৈ ধাৰ্য কৰা হৈছে। 
  • জি এছ টি প্ৰক্ৰিয়া সৰল কৰাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত আছে।
  • এ আইৰ ওপৰত আমি অনাগত সময়ত অধিক গুৰুত্ব প্ৰদান কৰাৰ বাবে চেষ্টা কৰিব ভাৰতে।
  • প্ৰতিখন চহৰত নতুনক অৰ্থনৈতিক জ'ন সৃষ্টি কৰা হ'ব। 
  • দেশৰ ৪খন ৰাজ্যত নিৰ্মাণ কৰা হ'ব খনিজ পদাৰ্থৰ কৰিডৰ। 
  • ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে ৫বছৰত ১০হাজাৰ কোটি টকা ধাৰ্য। 
  • জৈৱিক ঔষধ প্ৰস্তুতকৰণৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ'ব। 
বাজেট