/asomiyapratidin/media/media_files/2025/11/08/1-2025-11-08-18-09-05.jpg)
ডিজিটেল সংবাদ, গহপুৰ: বীৰাংগনা কনকলতা বৰুৱাৰ ৰক্তৰে ৰঞ্জিত ইতিহাসপ্ৰসিদ্ধ গহপুৰৰ বাবে আজিৰ দিনটো হৈ পৰিল এটা ঐতিহাসিক দিন। প্ৰথম অসমীয়া বোলছবি জয়মতীৰ প্ৰসূতিগৃহ ভোলাগুৰি চাহ বাগিচাৰ ৭৩৮ বিঘা পৰিত্যক্ত ভূমি সামৰি আজি প্ৰাণ প্ৰতিষ্ঠা হ'ল কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ।
মাত্ৰ ১৭ বছৰ বয়সতে দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰাংগনা কনকলতা বৰুৱাৰ নামত উৎসৰ্গিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আজি ভূমিপূজনেৰে শিলান্যাস কৰে দেশৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত পূজাৰীৰ মন্ত্ৰোচাৰণ,আয়তীৰ উৰুলি আৰু মংগলধ্বনীৰ এক মাংগলিক পৰিৱেশৰ মাজত ২৭০ টা অমৃত কলহৰ মাটিৰে শিলান্যাস কৰা হয় কনকলতা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/08/whatsapp-image-2025-11-08-18-04-47.jpeg)
ইয়াৰ পিছতে দিনৰ ১১-৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা এখন বিশাল ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কয় যে কনকলতাৰ জন্মভূমি গহপুৰ সমগ্ৰ ভাৰতৰ বাবে এখন গৌৰৱৰ ঠাই।দেশ মাতৃৰ হকে সৰ্বোচ্চ উজাৰি দিয়া কনকলতা বৰুৱাৰ নামত এই বিশ্ববিদ্যালয়খন উৎসৰ্গিত কৰাতো অতি প্ৰশংসনীয় আৰু আদৰণীয়।
বীৰাংগনা কনকলতা বৰুৱাৰ এই পবিত্ৰ ভূমিত তেওঁ উপস্থিত হ'বলৈ পাই যথেষ্ট গৌৰৱবোধ কৰা বুলি উল্লেখ কৰি নিৰ্মলা সীতাৰমনে কয় যে আধুনিক প্ৰযুক্তি বিদ্যাৰ পাঠ্যক্ৰম সন্নিবিষ্ট হ'বলগীয়া এইখন বিশ্ববিদ্যালয়ে নতুন প্ৰজন্মক আধুনিক শৈক্ষিক ব্যৱস্থাৰ মাজেৰে সুদুৰপ্ৰসাৰী প্ৰভাৱ পেলাব।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/08/whatsapp-im-2025-11-08-18-05-03.jpeg)
ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনৰ পৰা এতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চলৰ শৈক্ষিক উন্নয়নৰ বাবে ২১ হাজাৰ কোটি টকা খৰছ কৰিছে।ইয়াৰ ভিতৰত ৮৫০ খন বিভিন্ন মাধ্যমৰ নতুন নতুন শৈক্ষিক প্ৰতিষ্ঠান স্থাপন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমত ১৫ খন চিকিৎসা মহাবিদ্যালয় আৰু ১৫ খন কেঞ্চাৰ হস্পিতাল নিৰ্মানত অগ্ৰাধিকাৰ দিছে এইখন চৰকাৰে।
স্কিল ডেভলপমেণ্ট স্কুল, স্পৰ্টছ ইউনিভাৰ্চিটি, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টকে ধৰি বিভিন্ন উন্নত মানৰ শৈক্ষিক প্ৰতিষ্ঠান স্থাপনত চৰকাৰে গুৰুত্ব দিয়াৰ কথা তেওঁ ভাষণত উল্লেখ কৰে।তদুপৰি তেওঁ আৰু কয় যে যোৱা ১০ বছৰৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত নতুনকৈ ১০ খন গ্ৰীণ এয়াৰপৰ্ট নিৰ্মাণ কৰি উলিয়াইছে এইখন চৰকাৰে।দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত ৰেল সেৱাৰ জৰিয়তে মালবাহী ৰেলৰ প্ৰচলন বৃদ্ধি কৰি উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায় বানিজ্যিৰ ক্ষেত্ৰত যথেষ্ট সকাহ দিয়া বুলি তেওঁ ভাষণত উল্লেখ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/08/whatsapp-image-2025-11-08-18-12-26.jpeg)
কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় বিজেপি চৰকাৰৰ উন্নয়নৰ আন এক চানেকি বুলি উল্লেখ কৰি নিৰ্মলা সীতাৰমনে বীৰাংগনা কনকলতা বৰুৱাৰ আদৰ্শৰে অনুপ্ৰাণিত হ'বলৈ নতুন প্ৰজন্মৰ প্ৰতি আহ্বান জনায়।মহীয়সী নাৰী কনকলতাৰ ভূমিত তেওঁৰ উপস্থিতিয়ে তেওঁক তেওঁৰ কৰ্মৰ প্ৰতি অধিক প্ৰেৰণা যোগাব বুলি ভাষণত উল্লেখ কৰে নিৰ্মলা সীতাৰমনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/08/whatsapp-image-2-2025-11-08-18-05-17.jpeg)
গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাই আদৰণি ভাষণ প্ৰদান কৰা সভাখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে প্ৰযুক্তিনিৰ্ভৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।বিগত চাৰি বছৰ আগতে গহপুৰবাসীক দিয়া প্ৰতিশ্ৰুতি কাৰ্য্যকৰী কৰি কৰিবলৈ পাই তেওঁ যথেষ্ট উৎসাহিত বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত ২০ খন বিশ্ববিদ্যালয় আৰু ২৫ খন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ সৈতে জড়িত হোৱাৰ পিছত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হ'বলৈ পোৱাতো তেওঁৰ বাবে অতি গৌৰৱৰ কথা।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/08/whatsapp-image-2025-2025-11-08-18-12-44.jpeg)
সাংস্কৃতিক প্ৰেৰণাৰ অমল উৎস জ্যোতিপ্ৰসাদ আগৰৱালা আৰু দেশপ্ৰেমৰ অমল উৎস কনকলতা বৰুৱাৰ ইতিহাস বিজড়িত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত মানৱ সম্পদ গঢ়াৰ মন্দিৰ স্বৰূপ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ শুভাৰম্ভ কাৰ্য্যসূচীয়ে অসমৰ শৈক্ষিক জগতত এক ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে অনাগত দিনত গহপুৰ অসমৰ শৈক্ষিক জগতৰ অন্যতম প্ৰাণকেন্দ্ৰ হৈ পৰিব বুলি উল্লেখ কৰে তেওঁ।
আধুনিক প্ৰযুক্তি বিদ্যাৰ কোৱাণ্টাম ফিজিকছ,কোৱান্টাম কম্পিউটিং,মেচিন লাৰ্নিং,আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট, ৰবটিক চাইন্সৰ উপৰিও প্ৰতিটো গতানুগতিক পাঠ্যক্ৰমৰ এখন উন্নত মানৰ এখন অত্যাধুনিক বিশ্ববিদ্যালয় হ'ব এইখন কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।তেওঁ আৰু কয় যে লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া উক্ত বিশ্ববিদ্যালয়ৰ বাবে প্ৰথম পৰ্য্যায়ত ৫০০ কোটিৰ বাজেট ধাৰ্য্য কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/08/whatsapp-imag-2025-11-08-18-05-33.jpeg)
পৰবৰ্তী পৰ্য্যায়ত আৰু ৫০০ কোটিৰ বাজেট ধাৰ্য্য কৰি একেলগে ১০ হাজাৰ ছাত্র-ছাত্ৰীয়ে থকা আৰু পঢ়াৰ সুবিধা হোৱাকৈ গঢ়ি তোলা হ'ব বিশ্ববিদ্যালয়খন।জাপান আৰু জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ সমপৰ্য্যায়ৰ কৰি তোলাৰ প্ৰয়াসেৰে এই বিশ্ববিদ্যালয়খন গঢ়ি তোলা হ'ব বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় যে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খনক বিশ্বমানৰ কৰি তুলিবলৈ জাপান আৰু জাৰ্মানীলৈ অসমৰ পৰা শিক্ষা প্ৰতিনিধি পঠিয়াই উন্নত প্ৰযুক্তিৰ তথ্য আহৰণ কৰা হ'ব।
এই বিশ্ববিদ্যালয়খনৰ জৰিয়তে যুৱ প্ৰজন্মক "ইণ্ডাষ্ট্ৰী ৪.০"ৰ দক্ষতা আয়ত্ব কৰিবলৈ এখন শক্তিশালী মঞ্চ প্ৰদান কৰা হ'ব বুলি তেওঁ ভাষণত উল্লেখ কৰে। এই বিশ্ববিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ বাবে গুৱাহাটী আই আই টিৰ অধ্যাপক ডঃ পৰমেশ্বৰ আয়াৰক মেনটৰ হিচাপে নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ বাবে ভোলাগুৰি চাহ বাগিচাৰ চাহ শ্ৰমিক সকলে কৰা ত্যাগ শলাগ ল'বলগীয়া।
উক্ত চাহ বাগিচাৰ শ্ৰমিক সকলক পুন:সংস্থাপনৰ বাবে মাটিৰ পট্টা দিয়াৰ কথাও ঘোষণা কৰে তেওঁ।সেই অনুসৰি আজি প্ৰথম পৰ্য্যায়ত মঞ্চত শ্ৰমিক গংগা গোৱালা,ৰূপালী মুণ্ডা আৰু ছাইতু খাড়িয়াক মাটিৰ পট্টা দিয়া হয়।ভাষণ প্ৰসংগত তেওঁ গহপুৰৰ উন্নয়নৰ বাবে বিধায়ক উৎপল বৰাই গ্ৰহণ কৰি অহা পদক্ষেপক শলাগ লয়।ভোলাগুৰি চাহ বাগিচাত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ অমৰ সৃষ্টি সমূহ জাতীয় সম্পদ হিচাপে সংৰক্ষণ কৰাৰ কথা ভাষণত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
সভাৰ মঞ্চত মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী ৰনোজ পেগু,মন্ত্ৰী অশোক সিংহল,শোণিতপুৰ লোক সভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত,গহপুৰৰ বিধায়ক উৎপল বৰা,বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু কনকলতা বৰুৱাৰ ভাতৃ কালিচৰণ বৰুৱা উপস্থিত থাকে।
উল্লেখযোগ্য যে আজি গহপুৰলৈ অহা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক উৎপল বৰাই এখন এড়ি চাদৰ,এখন হেণ্ডলোম শাড়ী,এখন গুৰু আসন,এখন শৰাই আৰু এটা জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে দিয়া ভাষণত তেওঁ কয় যে নতুন যুগৰ, নতুন দিনৰ,নতুন পাঠ্যক্ৰমৰ,নতুন প্ৰযুক্তিৰ এখন আধুনিক বিশ্ববিদ্যালয় হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।
এই বিশ্ববিদ্যালয়খনৰ জৰিয়তে গহপুৰতে যাতে প্ৰযুক্তিৰ সৃষ্টি কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব বুলি ভাষণত উল্লেখ কৰে ৰণোজ পেগুৱে। বিদেশৰ জাৰ্মান,জাপান, নৰৱেৰ দৰে ঠাইলৈ গৈ সেই ঠাইৰ বিশ্ববিদ্যালয় সমূহৰ তথ্য প্ৰযুক্তিৰ দিশ অধ্যয়ন কৰি কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম তেনেধৰণেৰে সজোৱা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী ৰণোজ পেগুৱে।উল্লেখযোগ্য গহপুৰ সমজিলাৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত অসম চাহ নিগমৰ ভূমিত নিৰ্মাণ হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।সভাখনত প্ৰায় ত্ৰিশ সহস্ৰাধিক লোকৰ সমাগম হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us