/asomiyapratidin/media/media_files/2025/08/13/90-2025-08-13-18-52-09.jpg)
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰত পুনৰ ৯ গৰাকী বাংলাদেশী নাগৰিকক আটক কৰা হৈছে । কাটিগৰা ভাৰত - বাংলাদেশ সীমান্তৰ জালালপুৰত আটক কৰা হয় বাংলাদেশীকেইজনক।
জালালপুৰ বিশ্বম্ভপুৰৰ স্থানীয় লোকসকলে আটক কৰে বাংলাদেশীকেইজনক। গোপনে সীমান্ত পাৰ হৈ বাংলাদেশত ওভতাৰ সময়ত স্থানীয় লোকে আটক কৰে বাংলাদেশী ৰোহিঙ্গা নাগৰিক কেইজনক।
গাঁওবাসীয়ে জানিবলৈ দিয়া মতে, মঙলবাৰে সন্ধিয়া প্ৰায় ৭-০০ বজাত বিশ্বম্ভপুৰৰ বাংলাদেশ সীমান্তত সন্দেহজনক অৱস্থাত ঘূৰা-ঘূৰি কৰি থকা অৱস্থাত দেখা পায় বাংলাদেশীকেইজনক। গাঁওখনৰ পথৰ কাষত ঘূৰা-ঘূৰি কৰি থকা লোককেইজনৰ পৰিচয় জানিব বিচৰাত তেওঁলোকে নিজকে বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰে।
সোধা-পোছাৰ সময়ত চামচুৰ ৰহমান আৰু আবু বক্কৰ ছিদ্দিকিয়ে জনায় যে, তেওঁলোক ৰোহিঙ্গা । কেইবাবছৰমান আগতে তেওঁলোক বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল।
ইয়াৰ পাছত তেওঁলোক হায়দৰাবাদত শ্ৰমিক হিচাপে বিভিন্ন কামত কৰ্মৰত আছিল। সম্প্ৰতি সন্দেহজনক লোকৰ বিৰুদ্ধে ভাৰত চৰকাৰে অভিযান চলোৱাৰ ভয়তে তেওঁলোক ৰে'লেৰে হায়দৰাবাদৰ পৰা পলাই কাছাৰৰ হিলাৰা ৰে'ল ষ্টেচনত উপস্থিত হয়।
তাৰ পৰা এজন দালালৰ জৰিয়তে এখন অটোত উঠি কাটিগৰাৰ বাংলাদেশ সীমান্তৰ বিশ্বম্ভৰপুৰত উপস্থিত হয়। নিশা নোহোৱালৈকে তাতে জংঘলৰ মাজত তেওঁলোকক ৰখা হৈছিল।
ইফালে লগত থকা শিশুকেইটিয়ে ভোকতে কন্দা-কটা কৰাত সন্ধিয়া খাদ্য সামগ্ৰী কিনিবলৈ পথলৈ ওলাই অহাত স্থানীয় ৰাইজে তেওঁলোকক আটক কৰে। বাংলাদেশী দুজনে সদৰী কৰা মতে, তেওঁলোকে দালালৰ সহায়ত বাংলাদেশলৈ উভতি যোৱাৰ পৰিকল্পনা কৰিছিল।
ইফালে, ৰোহিঙ্গা কেইজনক আটক কৰাৰ পাছত আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। গুমৰা আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিজৰ জিন্মাত লয় বাংলাদেশী নাগৰিক কেইজনক ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত নিশাই তেওঁলোকক শিলচৰলৈ অনা হয়। বৰ্তমান আটাইকে আৰক্ষীৰ জিন্মাত ৰাখি সোধা-পোছা অব্যাহত ৰাখিছে সীমান্ত শাখাৰ আৰক্ষী আৰু জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াসকলে। বাংলাদেশীৰ এই দলটোত মহিলা আৰু শিশুও আছে।