/asomiyapratidin/media/media_files/2025/09/22/nilotpal-22-2025-09-22-01-55-17.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কই ক্ৰমান্বয়ে তীব্ৰ ৰূপ ধাৰণ কৰিছে। তাৰ মাজতেই এজনৰ পাছত এজনকৈ শিল্পীয়েও জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি সামাজিক মাধ্যমত নিজৰ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
মুম্বাইত প্ৰতিষ্ঠিত নিলোৎপল বৰায়ো সামাজিক মাধ্যমৰ জৰিয়তে জুবি গাৰ্গৰ মৃত্যুৰ তদন্তৰ দাবী কৰাই নহয়, নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ গুৰুতৰ অভিযোগ। তেওঁ সাত দিনৰ ভিতৰত য’তেই নাথাকক কিয় শ্যামকানু মহন্তক ধৰি আনিবলৈ সময়সীমা বান্ধি দিছে অসম চৰকাৰক।
তেওঁ কয়, মই নিলোৎপল বৰাই অসম চৰকাৰক দাবী জনাইছো ৭ দিনৰ ভিতৰত শ্যামকানু মহন্তক য’ৰ পৰাই নহওঁক ধৰি আনিব লাগে। যদি চৰকাৰে বিচাৰ ল’ব নোৱাৰে, অসমৰ ৰাইজক গতাই দিয়ক, আমাক গতাই দিয়ক আমি বিচাৰ লম।
তেওঁ অভিযোগ উত্থাপন কৰি কয়, যোৱা ১০/১২ বছৰে শ্যামকানু মহন্তই জুবিন গাৰ্গক শুহি শুহি খাই আহিছে। ৰঙালী, নৰ্থ ইষ্ট ফেষ্টিভেল আদি আৰম্ভ কৰাৰ পৰাই জুবিন গাৰ্গক আৱেগিক কথা কয়। এই ফেষ্টিভেল পতাৰ উদ্দেশ্যে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতিক গোটেই পৃথিৱীতে জনপ্ৰিয় কৰা আৰু সেয়া তেতিয়াহে সম্ভৱ হব যেতিয়া জুবিন গাৰ্গ থাকিব এই ধৰণৰ কথাৰে তেওঁ জুবিন গাৰ্গক আৱেগিক কৰি আহিছিল।
এইদৰেই জুবিন গাৰ্গক ব্যৱহাৰ কৰি সৰল মানুহজনক শেষত গৈ মাৰি পেলালে বুলিও অভিযোগ কৰে বৰাই। তেওঁ অভিযোগ কৰি কয়, ইমানদিনে জুবিন গাৰ্গে শ্যামকানু মহন্তৰ অনুষ্ঠানত গীত পৰিবেশন কৰি এটকাও লাভ কৰা নাই। মোৰ মনত আছে জুবিন দাই মোক এদিন নিজেই কৈছিল শ্যামকানু মহন্তৰ অনুষ্ঠানৰ বাবে তেওঁ নিজেই নিজৰ দলটোৰ টিকট কাটি দিল্লীলৈ লৈ গৈছিল।
এনে কিছু গুৰুতৰ অভিযোগ উত্থাপন কৰি নিলোৎপল বৰাই এটা ভিডিঅ’ তেওঁৰ ফেচবুকত শ্বেয়াৰ কৰিছে। যি ইতিমধ্যে ব্যাপক হাৰত চৰ্চিত হৈ পৰাই নহয়, বিভিন্নজনৰ সহাৰিও লাভ কৰিছে।