দিছপুৰ থানাত হাজিৰ গায়ক নিলোৎপল বৰা

অৱশেষত দিছপুৰ থানাত হাজিৰ হল গায়ক নিলোৎপল বৰা। বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিছিল জাৰ্ণেলিষ্ট ইউনিয়ন অফ আছামে।

author-image
Asomiya Pratidin
New Update
dsdsdsdsd

ডিজিটেল ডেস্কঃ অৱশেষত দিছপুৰ থানাত হাজিৰ হল গায়ক নিলোৎপল বৰা। বৰাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিছিল জাৰ্ণেলিষ্ট ইউনিয়ন অফ আছামে। আনহাতে, ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৰাৰ বিৰুদ্ধে সাংবাদিকে দাখিল কৰিছিল এজাহাৰ। সম্প্ৰতি আৰক্ষীয়ে গায়ক নিলোৎপল বৰাক জেৰা অব্যাহত ৰাখিছে। 

উল্লেখযোগ্য যে, কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙিম বুলি ভাবুকি দিয়া সংগীত পৰিচালক, গায়ক নিলোৎপল বৰাৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল জাৰ্নেলিষ্ট ইউনিয়ন অফ আছামে। অভিযোগ অনুসৰি জুবিন গাৰ্গৰ নশ্বৰ দেহ বৰঝাৰ বিমান বন্দৰৰ পৰা আহি কাহিলাপাৰাৰ বাসগৃহত উপস্থিত হোৱাৰ সময়তে নিলোৎপল বৰাই কৰ্তব্যৰত সাংবাদিকৰ কেমেৰা ভাঙিম বুলি মুকলিকৈ ভাবুকি দিছিল। 

এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা জনাইছিল জাৰ্নেলিষ্ট ইউনিয়ন অফ আছামে। তাৰোপৰি নিলোৎপল বৰাৰ এনে আচৰণৰ প্ৰভাৱতেই হয়তো একাংশই কৰ্বত্যৰত সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁলোককক প্ৰহাৰ কৰাৰ লগতে কেমেৰা পৰ্যন্ত ভাঙি পেলাইছিল বুলি অভিযোগ উত্থাপন হৈছিল।

নিলোৎপল বৰাৰ এনে আচৰণৰ বাবে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনাইছিল সাংবাদিক সংগঠনটোৰ। তাৰোপৰি সাংবাদিক সংগঠনটোৱে গৃহ মন্ত্ৰীৰ দায়িত্বতো থকা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ডিজিপি হৰমীত সিঙক কৰ্তব্যৰত সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছিল। জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাকো এই ঘটনাৰ তদন্ত নিশ্চিত কৰিবলৈ দাবী জনাইছিল। 

ইফালে নিলোৎপল বৰাই সাংবাদিকৰ সৈতে মুখামুখি হৈ উক্ত ঘটনাৰ বাবে নিজৰ ভুল আৰু দোষ স্বীকাৰ কৰাৰ পৰিবৰ্তে অহং ভাৱেৰে তেওঁৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰক বুলিহে মন্তব্য কৰিছিল। সাংবাদিকৰ প্ৰশ্নৰ কোনো সঠিক উত্তৰ দিব নোৱাৰা নিলোৎপল বৰাই চালে-বেৰে কোবাই বিভিন্ন মন্তব্য কৰা দেখা গৈছিল। 

নিলোৎপল বৰা