সু-সাহিত্যিক, শিক্ষাবিদ নীলমণি মহন্ত আৰু নাই....

শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট শিক্ষাবিদ, ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত শিক্ষক, সত্ৰীয়া সংস্কৃতিৰ সাধক তথা লেখক নীলমণি মহন্তৰ দেহাৱসানৰ খবৰে সকলোকে মৰ্মাহত

author-image
Asomiya Pratidin
New Update
092cac87-7136-432c-88e8-efa97524afd9

ডিজিটেেল ডেস্কঃ  শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট শিক্ষাবিদ, ৰাজ্যিক কৃতি শিক্ষকৰ বঁটা প্ৰাপ্ত শিক্ষক, সত্ৰীয়া সংস্কৃতিৰ সাধক তথা লেখক নীলমণি মহন্তৰ দেহাৱসানৰ খবৰে সকলোকে মৰ্মাহত কৰিছে। দেওবাৰে পুৱতি নিশা প্ৰায় ৪বজাত গুৱাহাটীৰ জি এন আৰ চি হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে।

বৃক্ক, শ্বাস-প্ৰশ্বাস জনিত কাৰণত হঠাতে অসুস্থ হৈ পৰা শিক্ষাবিদগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ অনা হয় যদিও তেওঁক ৰক্ষা কৰিব পৰা নগ'ল। উল্লেখযোগ্য যে, মৰ্ডাণ ইংলিচ গামাৰকে ধৰি বহুকেইখন গ্ৰন্থ ৰচনা কৰি থৈ গৈছে সু-সাহিত্যিক নীলমণি মহন্তই। 

এজন পুত্ৰ, দুগৰাকী কন্যা, জোৱাঁই, নাতি-নাতিনীৰ লগতে পত্নী তথা কৃষ্ণ সাহিত্যৰ গৱেষিকা তথা গড়গাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ অৰুন্ধতি মহন্তকো এৰি থৈ গৈছে। শিৱসাগৰৰ অন্যতম পুৰুধা ব্যক্তি নীলমণি মহন্তক দেহাৱসানৰ খবৰে ব্যৰ্থিত কৰি তুলিছে পৰিয়ালৰ সদস্যসকলকো। 

শিৱসাগৰ