নীলাভ গোস্বামী সোঁৱৰণি প্ৰথম বাৰ্ষিক ফুটবল প্ৰতিযোগিতা...

তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে নীলাভ গোস্বামী সোঁৱৰণি প্ৰথম বাৰ্ষিক ১৭ বছৰ অনুৰ্ধ্বৰ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। গুৱাহাটীৰ জৰ্জ খেলপথাৰত অনুষ্ঠিত হৈছে এই ফুটবল প্ৰতিযোগিতা।

author-image
Asomiya Pratidin
New Update
300

ডিজিটেল ডেস্ক : তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে নীলাভ গোস্বামী সোঁৱৰণি প্ৰথম বাৰ্ষিক ১৭ বছৰ অনুৰ্ধ্বৰ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা। গুৱাহাটীৰ জৰ্জ খেলপথাৰত অনুষ্ঠিত হৈছে এই ফুটবল প্ৰতিযোগিতা। 

WhatsApp Image 2025-11-23 at 10.11.21 PM

উল্লেখযোগ্য যে, গুৱাহাটী টাউন ক্লাবৰ উদ্যোগত আৰু নীলাভ গোস্বামীৰ পৰিয়ালৰ সহযোগত অনুষ্ঠিত হৈছে এই ফুটবল প্ৰতিযোগিতাখন। কেইবাগৰাকী অভ্যাগতৰ উপস্থিতিত এই প্ৰতিযোগিতাখন উদ্বোধন কৰা হয় ২১ নৱেম্বৰ ২০২৫ত। 

WhatsApp Image 2025-11-23 at 10.48.38 PM

প্ৰতিযোগিতাখন উদ্বোধন কৰে মুখ্য অতিথি তথা গুৱাহাটী ক্ৰীড়া সন্থাৰ সঞ্চালক মুনিন নৱিচে। তেওঁ এই প্ৰতিযোগিতাখনৰ শলাগ লৈ কয় গুৱাহাটী টাউন ক্লাৱৰ এগৰাকী সক্ৰিয় সদস্য আছিল নীলাভ গোস্বামী। তেনে এগৰাকী যুৱকৰ সোঁৱৰণত এই ফুটবল প্ৰতিযোগিতা আয়োজন কৰাতো প্ৰশসংনীয় পদক্ষেপ। 

WhatsApp Image 2025-11-23 at 10.48.45 PM

তাৰোপৰি এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী টাউন ক্লাৱৰ কাৰ্যকৰী সভাপতি মুকুল গগৈ, উপ সভাপতি তন্ময় মহন্ত, বালুল চৌধুৰী, ছাজিদ জাহিৰ হুছেইন, সত্য দেৱ গোস্বামী, ক্ৰীড়া সম্পাদক নাছিৰ গুল খান আদি।

ফুটবল প্ৰতিযোগিতা