/asomiyapratidin/media/media_files/2025/09/07/xzsasewsaxds-2025-09-07-22-26-06.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ সত্ৰীয়া সংস্কৃতিৰ সাধক, শিক্ষাবিদ তথা ৩৮ খন গ্ৰন্থৰ প্ৰণেতা নীলমণি মহন্তৰ শেষকৃত তেওঁৰ উপজা স্থান সিংহদুৱাৰ গোঁহাই গাঁৱত সম্পন্ন কৰা হয় ৷ কেইবা শতাধিক পুৰুষ মহিলা সিংহদুৱাৰৰ বৰনামঘৰৰ সন্মুখৰ পৰা ঘোষা পাঠেৰে তেওঁৰ নশ্বৰ দেহ প্ৰায় আধাকিলোমিটাৰ দূৰত্বৰ শ্মশানলৈ মৌন সমদলেৰে কঢ়িয়াই নিয়ে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/07/whatsapp-image-2025-09-07-22-20-37.jpeg)
উল্লেখ্য যে, শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক আৰু “ডম্বৰু কাকতি সাহিত্য ২০২৩ বঁটা ”প্ৰাপক তথা ৰংপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নীলমণি মহন্ত দেওবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত গুৱাহাটীৰ জি এন আৰ চি হস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ হৈ পৰে শিৱসাগৰ। বিশিষ্ট শিক্ষাবিদগৰাকীৰ শ্বাস-প্ৰশ্বাসজনিত কাৰণত হঠাতে অসুস্থ হৈ পৰা ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও তেওঁ তাতেই শেষ নিশ্বাস ত্যাগ কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/07/whatsapp-image-2025-09-07-22-20-58.jpeg)
শিৱসাগৰ জিলা সিংহদুৱাৰ গোহাঁই গাঁৱত জন্মগ্ৰহণ কৰা নীলমণি মহন্তই তাতেই প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ শিক্ষাৰে শিক্ষিত মহন্তই শিক্ষকতাৰ বৃত্তিত যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰিছিল। শিক্ষকতাৰ সমান্তৰালকৈ সামাজিক আৰু সাহিত্যৰ ক্ষেত্রত জড়িত হৈ তেখেতে আধুনিক ব্যাকৰণ আৰু ৰচনা, সংক্ষিপ্ত ৰামায়ণ, শংকৰদেৱ আৰু মাধৱদেৱঃ জীৱন আৰু সাহিত্য, কীৰ্ত্তনৰ ৰূপকথা, সংক্ষিপ্ত মহাভাৰত, মহামানৱ মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, বিশ্ববৰেণ্য পণ্ডিত ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ, পণ্ডিত হেমচন্দ্ৰ গোস্বামী, কীৰ্ত্তন ঘোষা আৰু নাম ঘোষা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, সুধাকণ্ঠ ড° ভূপেন হাজৰিকা, বৰগীত আৰু নিৰ্বাচিত নাটৰ গীত, গোকুল বৃন্দাবন কৃষ্ণ, যোগত্ৰয় জয়-বিজয়, ভাগৱতৰ অনুপম কাহিনী, কুঁহি কোমল মাত, মাৰি যাওঁ নেঘেৰী খোপা, জীৱন বাঁহীৰ অমল সুৰ (জীৱনী), মডাৰ্ণ ইংলিচ গামাৰকে ৩৮ খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যৰ জগতখনলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/07/whatsapp-image-2025-09-07-22-21-13.jpeg)
তেওঁ মৃত্যুৰ সময়ত সহধৰ্মিনী তথা গড়গাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ অৰুন্ধতী মহন্তৰ লগতে একমাত্ৰ পুত্ৰ, তিনিগৰাকী কন্যা, জোৱাঁই, নাতি-নাতিনীৰ লগতে আত্মীয়-স্বজনক এৰি থৈ যায়। তেওঁৰ নশ্বৰ দেহ গুৱাহাটীৰ পৰা শিৱসাগৰ সেউজপুৰৰ নিজা বাসগৃহলৈ অনাৰ পাছত ৰঞ্জন মহন্ত আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সন্তোষ দত্তই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অসম সাহিত্য সভা, সত্ৰাধিকাৰ লক্ষ্মীকান্ত মহন্ত, জগন্নাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়া, সাহিত্যিক ড° নাহেন্দ্ৰ পাদুন, শিক্ষাবিদ ধৰ্মেশ্বৰ মহন্ত, শিৱসাগৰ জিলা সাহিত্য সভা, শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ শিক্ষক সমাজ, সদৌ অসম লেখিকা সমাৰোহ, সদৌ অসম লেখিকা সমাজ, শিৱসাগৰ যুৱদল, অসম উন্নতি সভা, শিৱসাগৰ জিলা ক্রীড়া সন্থা, শিৱসাগৰ জিলা সত্ৰ মহাসভা, কমলাকান্ত বৰা, শিৱসাগৰ প্ৰেছ ক্লাব, গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সব্যসাচী মহন্ত,পৱিত্ৰ প্ৰাণ ভট্টাচার্য, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড: সৌমাৰজ্যোতি মহন্ত,আছুৰ কেন্দ্ৰীয় সম্পাদক সমীৰণ ফুকন, জিলা সাংবাদিক সংস্থা, নাগৰিক সন্থা শিৱসাগৰ, গোপালদেৱ সেৱক সমাজ, শ্রীশ্রী জকাই সত্ৰ, কাৱৈমাৰী সত্ৰ, কাটনিপাৰ সত্ৰ, খাটপাৰ সত্ৰ, বৰখাত পাৰ সত্ৰ, কাৱৈমাৰী সত্ৰ (ধিতাইপুখুৰী), কাৱৈমাৰী সত্ৰ (বানমুখ), শিৱসাগৰ জিলা কবি সন্মিলন, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, শিৱসাগৰ কবি চক্র, ধৰ্মেশ্বৰ মহন্ত, ৰাজহংস ক্লাব, ৰংমন, ৰংপুৰ সাহিত্য সভা, ৰংপুৰ জলক্রীড়া, শংকৰদেৱ সমাজ নামঘৰ, সাউদকুচি সত্ৰ, সতী ৰাধিকা মহিলা তীর্থ, শিৱসাগৰ জিলা মহিলা সমিতি, শিৱসাগৰ জিলা সাংস্কৃতিক মহাসভা, সেউজপুৰ নগৰ সমাজকে ধৰি অগণন অনুষ্ঠান আৰু ব্যক্তিয়ে তেখেতৰ মৃত্যু গভীৰ শোক প্ৰকাশ কৰি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us