মুম্বাইত অনুষ্ঠিত আন্তৰ্জাতিক প্ৰতিযোগিতাত উজলিছে অসম সন্তান নিক কাশ্যপ

ৰাজ্যবাসীৰ বাবে ভাল খবৰ। ৰাজ্যৰ বাহিৰত অনুষ্ঠিত হোৱা এক বিশেষ আন্তৰ্জাতিক প্ৰতিযোগিতাত স্থান লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে গুৱাহাটীৰ জালুকবাৰীৰ প্ৰতিভাৱান যুৱক নিক কাশ্যপে। 

author-image
Asomiya Pratidin
New Update
new ap web 5 (14)

ডিজিটেল ডেস্ক : ৰাজ্যবাসীৰ বাবে ভাল খবৰ। ৰাজ্যৰ বাহিৰত অনুষ্ঠিত হোৱা এক বিশেষ আন্তৰ্জাতিক প্ৰতিযোগিতাত স্থান লাভ কৰি অসমলৈ সুনাম কঢ়িয়াই আনিছে গুৱাহাটীৰ জালুকবাৰীৰ প্ৰতিভাৱান যুৱক নিক কাশ্যপে। 

সৰুৰে পৰা মেধা সম্পন্ন নিকে মুম্বাইৰ জিঅ’ কনফাৰেন্স হলত ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত ‘ৱেভছ’ শীৰ্ষক প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে। নতুন প্ৰজন্মৰ প্ৰতিভা বিকাশৰ সুগম পথৰ সন্ধান দিয়াৰ উদ্দেশ্যে আয়োজিত এই প্ৰতিযোগিতাত প্ৰতিযোগী নিক কাশ্যপে মূলতঃ কমিক আৰ্ট ৱেভছ শিতানত এই সফলতা লাভ কৰা বুলি জানিবলৈ দিয়ে। 

WhatsApp Image 2026-01-08 at 1.11.39 PM

যোৱা ১মে’ৰ পৰা ৪মে’ ২০২৫ লৈ অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত তেওঁৰ কেতবোৰ সৃষ্টি উপস্থাপন কৰি আগশাৰীৰ ক্ৰিয়েটৰসকলৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয়। প্ৰতিযোগিতাতখনিত দেশৰ লগতে বিদেশী ৰাষ্ট্ৰৰো বিভিন্ন ক্ষেত্ৰৰ বিষয়া, ৰাষ্ট্ৰদূত প্ৰমুখ্যে বলিউডৰ অভিনেতা আমিৰ খান, মিথুন চক্ৰৱৰ্তী আদি উপস্থিত আছিল। 

উল্লেখযোগ্য যে, বিশ্বৰ ৯০খন দেশৰ ভালেসংখ্যক ডিজিটেল ক্ৰিয়েটৰে অংশগ্ৰহণ কৰা উক্ত প্ৰতিযোগিতাত নিকক ব্ৰঞ্জৰ এটি স্মাৰক, নগদ ৫০,০০০ টকাৰ লগতে মানপত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্প্ৰতি বাংলালুৰুৰ পকেট এফ এম/ এফ আৰ ডিত ক্ৰিয়েটৰ হিচাপে কৰ্মৰত নিক চৌধুৰী।

WhatsApp Image 2026-01-08 at 1.10.00 PM

প্ৰণিধানযোগ্য যে, মেধা সম্পন্ন নিক কাশ্যপে গুৱাহাটীৰ প্ৰাগজ্যোতিষ চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা হাইস্কুল শিক্ষাত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ উত্তৰ গুৱাহাটীৰ ফেকাল্টি উঃ মা বিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল। একেদৰে বাংগালুৰু বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ডিজাইন বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছে।  

 পিতৃ ধীৰণে দাস আৰু মাতৃ নিৰ্মালী চৌধুৰীৰ পুত্ৰ নিক কাশ্যপৰ এই সফলতাত ওচৰ- চুবুৰীয়াৰ লগতে আত্মীয়সকলে আনন্দ প্ৰকাশ কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। 

মুম্বাই