'নিযুত মইনা ২.০ বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰতিবাদ'- মুখ্যমন্ত্ৰী ড০ শৰ্মা

অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে ২০২৫-২৬ বৰ্ষৰ বাবে 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা ২.০' আঁচনি আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে।

author-image
Asomiya Pratidin
New Update
'নিযুত মইনা ২.০ বাল্য বিবাহৰ বিৰুদ্ধে এক প্ৰতিবাদ'- মুখ্যমন্ত্ৰী ড০ শৰ্মা

ডিজিটেল ডেস্কঃ ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ উচ্চ শিক্ষা আহৰণৰ সপোন বাস্তৱায়িত কৰাৰ দিশত অসম চৰকাৰৰ এক অভিলাষী পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ২০২৫-২৬ বৰ্ষৰ বাবে 'মুখ্যমন্ত্ৰীৰ নিযুত মইনা- ২.০' আঁচনিৰ অন্তৰ্গত ছাত্ৰীসকলক প্ৰ-পত্ৰ বিতৰণৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে। উল্লেখযোগ্য যে এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত ছাত্ৰীসকলে মাহে ১ হাজাৰ টকাকৈ, স্নাতক পাঠ্যক্ৰমৰ ছাত্রীসকলে ১২৫০ টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ছাত্ৰীসকলে ২৫০০ টকাকৈ লাভ কৰিব।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে, নিযুত মইনা আঁচনিখন হৈছে ৰাজ্যৰ ছাত্ৰীসকলে আকাশ স্পৰ্শ কৰাৰ আকাংক্ষাক বাস্তৱায়িত কৰা এক অভিলাষী আঁচনি। এই আঁচনি সম্পর্কে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আলাপ-আলোচনা হৈছে, কিন্তু ইয়াৰ দ্বাৰা উপকৃত হোৱা ছাত্ৰীসকলৰ বক্তব্যই আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে চৰকাৰক অনুপ্রাণিত কৰিছে। 

WhatsApp Image 2025-08-07 at 11.30.22 AM

বিগত বৰ্ষত এই আঁচনি মাথো ৰাজ্যিক বিশ্ববিদ্যালয় তথা প্রাদেশিকৃত মহাবিদ্যালয়সমূহৰ মাজতহে সীমাবদ্ধ আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে আঁচনিখনে বহন কৰা বিশাল সামাজিক পৰিৱৰ্তনৰ গুৰু দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ইয়াৰ অধীনত ৰাজ্যৰ দুয়োখন কেন্দ্রীয় বিশ্ববিদ্যালয় ক্রমে অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়কো সামৰি লোৱা হৈছে। বিগত বর্ষত এই আঁচনিয়ে বিশ্ববিদ্যালয় বা মহাবিদ্যালয়সমূহত উপলব্ধ মাচুল পৰিশোধ কৰি গ্ৰহণ কৰিবলগীয়া পাঠ্যক্রমসমূহক সামৰি লোৱা নাছিল, কিন্তু এইবাৰ এইসমূহ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীসকলকো আঁচনিখনৰ অধীনত সামৰি লোৱা হৈছে। 

বিগত বৰ্ষত এই আঁচনিয়ে ১.৬০ লাখ ছাত্ৰীক উপকৃত কৰিছিল, কিন্তু এই বছৰ আঁচনিখনৰ বৰ্দ্ধিত পৰিসৰলৈ লক্ষ্য ৰাখি ই প্রায় ৪ লাখ ছাত্ৰীক সামৰি ল'ব বুলি অনুমান কৰা হৈছে। তেওঁ কয় যে, এইবাৰ নিযুত মইনা আঁচনিয়ে উচ্চতৰ মাধ্যমিক প্রথম আৰু দ্বিতীয় বর্ষ, স্নাতক প্রথম আৰু দ্বিতীয় বর্ষ তথা স্নাতকোত্তৰ প্ৰথম আৰু দ্বিতীয় বৰ্ষৰ ছাত্ৰীসকলক সামৰি ল'ব। 

WhatsApp Image 2025-08-07 at 11.30.22 AM (1)

পৰৱৰ্তী বৰ্ষত ইয়াৰ অধীনত স্নাতক তৃতীয় বৰ্ষৰ ছাত্ৰীসকলকো সামৰি লোৱাৰ লগে লগে উচ্চতৰ মাধ্যমিকৰ পৰা বিশ্ববিদ্যালয় স্তৰৰ ১০০ শতাংশ কন্যা শিক্ষার্থীয়েই ইয়াৰ আওতালৈ আহিবলৈ সক্ষম হ'ব বুলি তেওঁ কয়। ক্রমান্বয়ে আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰি ৰাজ্যৰ ১০ লাখ বা ১ নিযুত ছাত্ৰীৰ জীৱনত এক ইতিবাচক প্রভাৱ পেলোৱাটোৱেই নিযুত মইনা আঁচনিৰ মূল লক্ষ্য বুলি তেওঁ মন্তব্য কৰে। 

তেওঁ কয় যে এই আঁচনিয়ে অভিভাৱকসকলক নিজৰ কন্যা সন্তানৰ অধ্যয়নৰ খৰচৰ পৰা মুক্ত কৰি সেই পুঁজি পুত্ৰ সন্তানৰ উচ্চ শিক্ষাত ব্যয় কৰিব পৰাৰ সামৰ্থ্য প্রদান কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে, আঁচনিখনৰ সুফল স্বৰূপে বিগত বৰ্ষৰ তুলনাত এইবাৰ উচ্চতৰ মাধ্যমিক, স্নাতক তথা স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ যথেষ্ট বৃদ্ধি পোৱাৰ লগতে দ্বিতীয় বৰ্ষত ছাত্ৰীৰ আধাতে শিক্ষা ত্যাগ কৰাৰ প্ৰৱণতাৰো প্ৰায় অৱসান ঘটিছে। 

ছাত্ৰ-ছাত্ৰীৰ সাৰ্বজনীন বিনামূলীয়া নামভৰ্তিকৰণৰ সুবিধা প্ৰদান কৰা অসমেই দেশৰ একমাত্ৰ ৰাজ্য বুলি এতিয়া কৃত্রিম বুদ্ধিমত্তা সঁজুলিৰ তথ্যতো স্বীকৃত হৈছে বুলি তেওঁ মন্তব্য কৰে। বিনামূলীয়া নামভৰ্তি আঁচনিৰ প্ৰভাৱ অতি সুদূৰপ্ৰসাৰী হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শৰ্মাই কয় যে ৰাজ্যৰ বিভিন্ন স্থানত লগ পোৱা ছাত্র-ছাত্ৰীসকলৰ বক্তব্যৰ পৰা তেওঁ ইয়াৰ গুৰুত্বৰ কথা উপলব্ধি কৰিব পাৰিছে। 

WhatsApp Image 2025-08-07 at 11.30.23 AM

বিনামূলীয়া নামভৰ্তি আঁচনিৰ অবিহনে অসমৰ উচ্চ শিক্ষা প্রতিষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ হাৰ ২০ শতাংশ পর্যন্ত হ্রাস পালেহেঁতেন। একেদৰে ৰাজ্য চৰকাৰে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মাচুল ৰেহাই দিয়াৰ প্ৰসংগও সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ৰাজ্যৰ আৰ্থিক অৱস্থাৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে ভৱিষ্যতেও চৰকাৰে সম্ভৱপৰ সকলো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি যাব। 

নিযুত মইনা আঁচনিৰ জৰিয়তে চৰকাৰে ৰাজ্যৰ ভৱিষ্যৎ গঢ়াৰ হিতাধিকাৰী নিৰ্মাণ কৰিছে বুলি মন্তব্য কৰি তেওঁ কয় যে, এই হিতাধিকাৰীসকলে নিজৰ জ্ঞান আৰু প্ৰজ্ঞাৰে ভৱিষ্যতৰ সমাজখনক আলোকিত কৰিব। ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা প্ৰতিখন আঁচনিয়ে জাতি-ধর্ম-বর্ণ নির্বিশেষে সকলো শ্ৰেণীৰ শিক্ষাৰ্থীক সামৰি লৈছে। ৰাজ্য চৰকাৰে সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে সম্ভাৱনা আৰু সম্পদৰ দুৱাৰ মুকলি কৰি দিছে। 

তেওঁ কয় যে, নিত্য নতুন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান সৃষ্টিৰ জৰিয়তে ৰাজ্য চৰকাৰে অসমৰ পৰা সম্ভাৱনাময় প্রতিভাৰ বর্হিগমন ৰোধ কৰাত বহুদূৰ সক্ষম হৈছে। তেওঁ কয় যে আইআইটিৰ পৰা এইমছলৈকে, ৰাষ্ট্ৰীয় ফৰেনন্সিক বিশ্ববিদ্যালয়ৰ পৰা ইণ্ডিয়ান ইনষ্টিটিউট অব মাইন্‌লৈ, সৈনিক স্কুলৰ পৰা নৱোদয় বিদ্যালয়লৈকে, কেন্দ্রীয় বিদ্যালয়ৰ পৰা আদর্শ বিদ্যালয়লৈকে প্ৰতিখন ৰাষ্ট্ৰীয় প্রতিষ্ঠান অসমৰ বুকুত মুকলি কৰাৰ মাধ্যমেৰে যোৱা এটা দশকত অসমৰ শিক্ষাখণ্ডৰ ব্যাপক সম্প্ৰসাৰণ কৰিবলৈ ৰাজ্য চৰকাৰ সক্ষম হৈছে। 

WhatsApp Image 2025-08-07 at 11.30.23 AM (1)

জনসংখ্যা অনুপাতে বিশ্ববিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়ৰ ঘনত্বৰ ক্ষেত্ৰত আজি অসমে দেশৰ প্ৰথম দহখন ৰাজ্যৰ ভিতৰত স্থান পাবলৈ সক্ষম হৈছে। উদ্যোগ ৪.০ আৰু নতুন শিক্ষানীতিৰ আলমত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক আধুনিক শিক্ষাৰে সুসজ্জিত কৰাৰ বাবে ৰাজ্য চৰকাৰে নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে। প্রস্তাৱিত কনকলতা বিশ্ববিদ্যালয়ত এই দিশত বিশেষ গুৰুত্ব প্রদান কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

তেওঁ কয় যে ৰাজ্যত বর্তমান ১৪ খন চিকিৎসা মহাবিদ্যালয় কার্যক্ষম হৈ আছে আৰু ইয়াৰ সংখ্যা ২৫ খনলৈ বৃদ্ধিৰ দিশে আগবাঢ়িছে। সেইদৰে ২৫ খনৰো অধিক বিশ্ববিদ্যালয় আৰু ৪ শতাধিক মহাবিদ্যালয়ে আজি জ্ঞানৰ পোহৰ বিলাইছে। ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে যাতে আর্থিক অনগ্ৰসৰতা শিক্ষাগ্রহণৰ অন্তৰায় হ'ব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে একাধিক প্রচেষ্টা গ্রহণ কৰিছে।

ৰাজ্যৰ বহুকেইখন জিলাৰ লগতে চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহৰ কন্যাসকলে বাল্য বিবাহ আৰু কম বয়সতে মাতৃত্বৰ বোজা বহন কৰিবলগীয়া পৰিস্থিতিত উদ্বিগ্নতা প্রকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো এই ভয়াবহ দিশটোৰ প্ৰতি আমাৰ সমাজ তথা চৰকাৰ উদাসীন হৈ আছিল। নিযুত মইনা আঁচনিখন এই ক্ষেত্রত এখন প্রতিবাদৰ আঁচনি বুলি তেওঁ মন্তব্য কৰে। 

বাল্য বিবাহ ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে, বিগত চাৰিটা বছৰত বাল্য বিবাহৰ লগত জড়িত ১২ হাজাৰৰো অধিক ব্যক্তিক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰে বহুকেইগৰাকী ব্যক্তিক ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডেৰেও দণ্ডিত কৰিছে। চৰকাৰৰ এই কঠোৰ পদক্ষেপৰ ফলত সম্প্ৰতি ৰাজ্যখন বাল্য বিবাহৰ পৰা মুক্ত হোৱাৰ পথত আগবাঢ়িছে। 

আজি এই নিযুত মইনা আঁচনিখন দৰিদ্ৰ পৰিয়ালৰ কন্যা শিক্ষার্থীৰ বাবে এক আশাৰ প্ৰদীপ ৰূপে পৰিগণিত হৈছে। অসমত আজি ঔদ্যোগীকৰণৰ এক নতুন যাত্রা আৰম্ভ হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই পৰিৱেশ অব্যাহত থাকিলে পৰৱৰ্তী পাঁচ বছৰত ৰাজ্যখন দেশৰ ঔদ্যোগিক বিপ্লৱৰ নতুন পৃষ্ঠভূমিত পৰিণত হ'ব। 

উদ্যমিতাক জীৱনৰ মন্ত্ৰ হিচাপে লৈ আন দহজনক কর্ম সংস্থাপন প্রদান কৰিব বিচৰা যুৱক-যুৱতীক ষ্টার্টআপ ইনকুবেশ্যন, মুখ্যমন্ত্রী আত্মনিৰ্ভৰ অসম আঁচনি, প্ৰধানমন্ত্ৰীৰ মুদ্রা যোজনাৰ দৰে পদক্ষেপে আশাৰ সঞ্চাৰ কৰিছে। বিগত তিনিটা দশকজোৰা অনিশ্চয়তাৰ কলীয়া ডাৱৰ আঁতৰাই আজি অসমত সম্ভাৱনাৰ এক নতুন দিগন্তৰ সূচনা হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে এখন নতুন অসমৰ এই অগ্রগামী যাত্ৰাত আমাৰ ছাত্ৰীসমাজে এক ইতিবাচক ভূমিকা গ্রহণ কৰিব লাগিব।

এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেণ্ড, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড০ ননী গোপাল মহন্ত, গুৱাহাটী মহানগৰৰ জিলা আয়ুক্ত সুমিত সত্তাৱন, উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, উচ্চ শিক্ষা বিভাগৰ সঞ্চালক পমী বৰুৱা, মাধ্যমিক শিক্ষা বিভাগৰ সঞ্চালক মমতা হোজাই, এছচিইআৰটিৰ সঞ্চালক ড০ নিৰদা দেৱী প্ৰমুখ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্র-ছাত্রীসকল উপস্থিত থাকে। 

আনহাতে, ৰাজ্যৰ বিভিন্ন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পৰা বহুকেইগৰাকী মন্ত্ৰী-বিধায়কৰ উপৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্রীসকলে ভার্চুৱেল ব্যৱস্থাৰ জৰিয়তে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

নিযুত মইনা আঁচনি ড০ হিমন্ত বিশ্ব শৰ্মা