কঠিয়াতলীৰ ননৈ চকৰি গাঁৱত বন্যহস্তীৰ উপদ্ৰৱ

এটা বৃহৎ হাতীৰ জাকে অঞ্চলটোত দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰি আহিছে। খাদ্যৰ সন্ধানত বনাঞ্চৰ পৰা জনাঞ্চললৈ ওলাই আহিছে হাতীৰ জাকটো।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বন্যহস্তীৰ উদ্ৰৱ। নগাওঁ কঠিয়াতলী বন সংমণ্ডলৰ অধীনৰ ননৈ চকৰি গাৱঁত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। 

উল্লেখ্য যে সোমবাৰে নিশা বহু বিঘা কুঁহিয়াৰ খেতি তহিলং কৰে বন‌্যহস্তীৰ জাকে।দীৰ্ঘদিন ধৰি অঞ্চলটোত সন্ত্ৰাস চলাই আহিছে এই বন্যহস্তীৰ জাকেটোৱে । ইপিনে 
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নামি আহে বন্যহস্তীৰ জাকটো।

স্থানীয় ৰাইজে অভিযোগ যে- বন্যহস্তীৰ এই উপদ্ৰৱৰ বিষয়ে কেইবাবাৰো বন বিভাগক অৱগত কৰা হৈছে যদিও বনবিভাগীয় ফালৰ পৰা কোনো স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।  ইপিনে বন কৰ্মীসকলে মাজে-সময়ে উপস্থিত হৈ আকাশলৈ গুলি ফুটাই হাতী খেদাবলে চেষ্টা কৰে যদিও হাতী খেদাত ব্যৰ্থ হৈ পৰিছে কঠিয়াতলী বন বিভাগ।

বন্যহস্তী নগাওঁ