চিদলী থানাৰ এলেকাত নিশা গৰুচোৰৰ উপদ্ৰৱ...

প্ৰায় প্ৰতি নিশাই কোনোবা নহয় কোনোবা গাঁৱৰ গৃহস্থৰ গোহালিৰ পৰা চোৰে গৰু চুৰ কৰি লৈ যোৱাৰ ঘটনা সংঘটিত হৈয়ে আছে।

author-image
Asomiya Pratidin
New Update
340

ডিজিটেল সংবাদ, চিৰাং : যোৱা কিছুদিন ধৰি চিৰাং জিলাৰ কাজলগাঁও মহকুমাৰ বিভিন্ন থানা এলেকাত নিশাৰ ভাগত গৰু চোৰৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । প্ৰায় প্ৰতি নিশাই কোনোবা নহয় কোনোবা গাঁৱৰ গৃহস্থৰ গোহালিৰ পৰা চোৰে গৰু চুৰ কৰি লৈ যোৱাৰ ঘটনা সংঘটিত হৈয়ে আছে।

ভুক্তভোগী গৃহস্থসকলে স্থানীয় আৰক্ষী থানা বা চকীত লিখিত অভিযোগ কৰাৰ পিছতো কোনো সুফল পোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। তাৰ মাজতেই যোৱা তিনিটা নিশাত চিদলী থানাৰ অন্তৰ্গত গৰুভাষা আৰক্ষী চকীৰ অন্তৰ্গত ছোট ছামথাইবাৰী, আঠিয়াবাৰী, ভুটিয়াপাৰা আৰু বালাপাৰা গাঁৱৰ কেইবাজনো গৃহস্থৰ গোহালিৰ পৰা চাৰিটাকৈ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে ।

বুধবাৰে মাজনিশাও চিৰাং জিলাৰ চিদলী থানাৰ অন্তৰ্গত ভুটীয়াপাৰাৰ দুটা দৰিদ্ৰ আদিবাসী পৰিয়ালৰ এহাল হালোৱা গৰু আৰু এজনী খীৰতী গাই চোৰ কৰি লৈ যায়। গৰু চুৰি যোৱা এগৰাকী স্থানীয় মহিলাই সাংবাদিকৰ আগত কয় যে নিশা হ'লেই বগা ৰঙৰ ব'লেৰ পিকআপ ভেন এটা আমাৰ গাঁৱত প্ৰৱেশ কৰা দেখা পাইছিল, তাৰ কিছুসময়ৰ পিছতেই তেখেতৰ গোহালিত গৈ নিজৰ গৰু দেখা নেপাই চিঞৰ-বাখৰ কৰিছিল যদিও চোৰে ইতিমধ্যেই গৰু চুৰ কৰি বাহনত তুলি গাঁৱৰ পৰা পলায়ন কৰে বুলি জানিবলৈ দিয়ে।

সঘনাই গৰু চুৰি আৰু গৰুচোৰৰ উপদ্ৰৱত দিশাহাৰা হৈ পৰিছে ভুক্তভোগী দুখীয়া গৃহস্থসকল । বৰ্দ্ধিত গৰু চোৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ নেতা চলেমন মুৰ্মুৱে কয় যে এটাৰ পিছত গৰু চোৰৰ ঘটনা সংঘটিত হোৱাৰ পিছতো আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা পৰিলক্ষিত হৈছে ।

দুখীয়া দৰিদ্ৰ আদিবাসী খেতিয়কসকলৰ কৃষিকাৰ্য্যৰ একমাত্ৰ ভৰষা হালোৱা গৰুহাল যদি হেৰুৱাব লগা তেন্তে সেই পৰিয়ালটোৰ অৱস্থা কি হ'ব সেয়া একমাত্ৰ সেইজনেই অনুভৱ কৰিব যাৰ হালৰ গৰুহাল হেৰুৱাইছে । সেয়ে আৰক্ষীয়ে এইক্ষেত্ৰত যদি বিহীত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহ'লে আমি ৰাইজে গৰুচোৰৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি প্ৰকাশ কৰে ।

চিদলী