তাহাউৰ ৰানাৰ জিম্মাৰ ম্যাদ ১২ দিনলৈ বৃদ্ধি নিয়া আদালতৰ...

এনআইএই কয় যে, তেওঁলোকক অধিক সময়ৰ প্ৰয়োজন। তাহাউৰ ৰানাৰ তদন্ত চলি আছে। মই তেওঁক অতি নিয়মীয়াকৈ সাক্ষাৎ কৰি আহিছো। আদালতে তেওঁৰ জিম্মা বৃদ্ধি কৰাৰ পিছতে তাহাউৰ ৰানাক দিল্লীস্থিত এন আই এৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়। 

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
SFSD

ডিজিটেল ডেস্কঃসোমবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ আদালতে ২৬/১১ৰ সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তাহাউৰ ৰানাৰ জিম্মা ১২ দিনৰ বাবে বৃদ্ধি কৰে। এএনআইৰ সৈতে হোৱা কথা-বতৰাত ৰাণাক প্ৰতিনিধিত্ব কৰা অধিবক্তা পীয়ুষ সচদেৱে কয় যে, "অভিযুক্তক আৰু ১২ দিনৰ বাবে জিম্মাত প্ৰেৰণ কৰা হৈছে।

এই সন্দৰ্ভত এনআইএই কয় যে, তেওঁলোকক অধিক সময়ৰ প্ৰয়োজন। তাহাউৰ ৰানাৰ তদন্ত চলি আছে। মই তেওঁক অতি নিয়মীয়াকৈ সাক্ষাৎ কৰি আহিছো। আদালতে তেওঁৰ জিম্মা বৃদ্ধি কৰাৰ পিছতে তেওঁক দিল্লীস্থিত এন আই এৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হয়। 

উল্লেখযোগ্য যে যোৱা সপ্তাহত দিল্লীৰ পাটিয়ালা হাউছ ক’ৰ্টে তাহাউৰ ৰানাৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰিবলৈ কৰা আবেদন নাকচ কৰিছিল। ৰাণাই দাখিল কৰা এই আবেদনত তেওঁৰ পৰিয়ালৰ সৈতে টেলিফোনিক যোগাযোগৰ অনুমতি বিচাৰিছিল।

১০ এপ্ৰিলত আমেৰিকাৰ পৰা ভাৰতলৈ পুনৰ প্ৰত্যাৰ্পণ কৰা হৈছিল তাহাউৰ ৰানাক। পাকিস্তানী-কানাডাৰ সন্ত্ৰাসবাদী ৰানাৰ বিৰুদ্ধে ২০০৮ চনৰ মুম্বাই আক্ৰমণত জড়িত থকাৰ বাবে আমেৰিকাত ৩৫ বছৰৰ কাৰাদণ্ড ভুগি থকা ডেভিদ হেডলীকে ধৰি সহ-ষড়যন্ত্ৰকাৰীসকলক লজিষ্টিক আৰু আৰ্থিক সহায় আগবঢ়োৱাৰ লগতে লস্কৰ-ই-তৈবাক সমৰ্থন জনোৱাৰো অভিযোগ উঠিছে।

তাহাউৰ ৰানা