/asomiyapratidin/media/media_files/2025/11/05/ap-web-bhupen-2025-11-05-08-52-57.jpg)
ডিজিটেল ডেস্কঃ আজি ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী। সুধাকণ্ঠ বিহীন ১৪ টা বছৰ পাৰ কৰিলে ৰাজ্যবাসীয়ে। পক্ষীৰাজ ঘোঁৰাত উঠি নতুন দিগন্তৰ সন্ধান কৰা মানুহজন গুচি গৈছিল ২০১১তে। হাঁহি মুখে জ্যোতিক শিৰত তুলি নিৰাশাবিহীন গীত গাই গাই জীৱনক লৈ আক্ষেপ নকৰা মানুহ আছিল তেওঁ। বিৰামবিহীন জীৱনৰ উৰন্ত মৌ। সুন্দৰক আৰাধনা কৰা তেওঁ আছিল বহুতৰ প্ৰেৰণা,উৎসাহৰ আৰু আশাৰ প্ৰতীক।
অসমী আইৰ বুকু শুদা কৰি ১৪ বছৰ পূৰ্বে আজিৰ দিনটোতেই ভাৰতৰ সংগীত জগতৰ অন্যতম নক্ষত্ৰ ভূপেন হাজৰিকাই জীৱনৰ মায়া এৰি গুচি গৈছিল। হেমন্ত- শীতৰ দোমোজাত ২০১১ চনৰ আজিৰ দিনটোতেই মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত মহাপ্ৰয়াণ ঘটিছিল সুধাকণ্ঠ ভূপেন হাজৰিকাৰ। মুহূৰ্ততে অসমৰ আকাশৰ পৰা খহি পৰিছিল এটা উজ্জ্বল জ্যোতিষ্ক।
উকা হৈ পৰিছিল অসমীয়া সংগীতজগতৰ বৰপথাৰ। মুম্বাইৰ পৰা ভাহি অহা এই মৰ্মান্তিক খবৰ লাভ কৰি কাঁহ পৰি জীণ যোৱা অৱস্থা হৈছিল অসমবাসীৰ মাজত। ক’লা ডাৱৰে ছানি ধৰিছিল সহজ- সৰল অসমীয়াৰ মনবোৰত। এনেকৈ অৱসান ঘটিছিল এটা যুগৰ...।
বিশ্ববৰেণ্য, ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকীত বুধবাৰে সমগ্ৰ ৰাজ্যজুৰি স্মৰণ কৰা হ'ব অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক। যিগৰাকী শিল্পী অবিহনে অসমীয়াৰ পৰিচয় আধৰুৱা সেইগৰাকী মহান শিল্পীৰ কালজয়ী গীতেৰে দেওবাৰে মুখৰিত হৈ থাকিব সমগ্ৰ ৰাজ্য।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী-বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে ভিন্ন কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলি জনাব গণশিল্পীগৰাকীক। প্ৰতিবছৰৰ দৰে এইবছৰো ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসনে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে।
জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাত আৰু লতাশিল খেল পথাৰত দিনৰ ১১ বজাত সুধাকণ্ঠৰ সাংস্কৃতিক অৱদান সুঁৱৰি বিশেষ কাৰ্যসূচী অনুষ্ঠিত হ’ব। ৰাজ্যৰ বিভিন্ন ঠাইতো ড° ভূপেন হাজৰিকাৰ মৃত্যু বার্ষিকী উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। বৰপেটা জিলাত সুধাকণ্ঠৰ মৃত্যু দিন উপলক্ষে ৫ হাজাৰ শিল্পীয়ে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us