ক্ৰুতিপূৰ্ণ বান্ধৰ সুৰক্ষাৰ প্ৰশ্নত নিৰোত্তৰ এন এইচ পি চি

এন এইচ পি চিৰ গেৰুকামুখৰ কাৰ্যালয়ত কাৰ্যবাহী সঞ্চালক আৰু AJYCP ৰে আজি বিশেষ আলোচনা অনুষ্ঠিত হয় ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,গেৰুকামুখঃ ভৰা সোৱণশিৰিৰ উদং বুকু দেখিলে আজি আপোনাৰ দুচকু সেমেকি উঠিব। প্ৰকৃতি পদত্ত সোৱণশিৰিৰ আৱহমান প্ৰৱাহ ৰুদ্ধ কৰি বিজুলী উৎপাদনৰ স্বাৰ্থতে দুবক্ষত শক্তিশালী বান্ধ দি আঁটি আঁটি বন্ধা হ'ল নদী আৰু ইয়াৰ চিৰপৰিচিত প্ৰকৃতিক ৷ শীৰ্ণকায় সোৱণশিৰি উদং বুকুৰে আজি মাত্ৰ বৈছে কোম্পানীৰ কৃপাত এচলু পানী ৷ 

চকুৰ সন্মুখতে তিল তিলকৈ হত্যা কৰিলে জীয়া নদী সোৱণশিৰিক বিজুলী উৎপাদন কোম্পানী এন এইচ পি চি য়ে ৷ নদীৰ বুকু বান্ধি বান্ধলবীৰ জয়গান সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰলৈ৷ বাৰপাচি ভূল আৰু  ক্ৰুতিপূৰ্ণ প্ৰযুক্তিৰে নিৰ্মান কৰা বুলি ইতিমধ্যেই বিতৰ্কিত সোৱণশিৰিৰ বৃহৎ বান্ধ যে আগত দিনৰ অশনি সংকেত আৰু মহা বিপৰ্যয় সেয়া বিশেষজ্ঞ সকলে মত পোষণ কৰিছে ৷ জনসাধাৰণক আন্ধাৰত ৰাখি সংবাদ মাধ্যম বৃহৎ নদী বান্ধ বিৰোধী দল সংগঠনৰ পৰা দূৰত্ব বৰ্তাই ৰাখি অৱশেষত গেৰুকামুখত এটা ইউনিটত ২৫০মেগাৱাট বিজুলী উৎপাদন কৰিলে এন এইচ পি চি য়ে বাণিজ্যিক ভাৱে ৷ 

image (30)

উল্লেখযোগ্য যে, উত্তৰ অসমৰ ৰাইজৰ মূৰত যে জলবোমা সংস্থাপন কৰিছে সেই কথা জানে বুজে এন এইচ পি চি য়ে ৷ সেয়ে গোপনে জলবোমাৰ কাৰ্যক্ষমতা তৎপৰ হ’ল এন এইচ পি চি ৷ আনকি এই জলবোমা সংস্থাপনৰ সফলতা সংবাদ মাধ্যমত নিজাববীয়াকৈ সদৰী কৰাৰো ভয় হ'ল এন এইচ পি চি ৰ ৷ ৰাজ্যৰ উত্তৰ অংশক মৰণফান্দত পৰিণত কৰা এন এইচ পি চিৰ বিৰুদ্ধে এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ । গেৰুকামুখৰ এন এইচ পি চি কাৰ্যালয়ত বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্পটো আৰু বৃহৎ নদী বান্ধৰ বিষয়ত এন এইচ পি চিৰ সোৱণশিৰি প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক ৰাজেন্দ্ৰ প্ৰসাদৰ লগত আলোচনাত ভাগ লৈ AJYCPৰ  সভাপতি পলাশ চাংমায়ে এন এইচ পি চিক বহু প্ৰশ্ন  উত্থাপন কৰে। সেই সমূহঃ 

১. বিশেষজ্ঞৰ পৰামৰ্শক কিমান মনা হ'ল? 

২. ত্ৰিপাক্ষিক আলোচনাৰ সিদ্ধান্ত কিয় কাৰ্যকৰী কৰা নহ'ল ?

৩. ভূমিস্খলন হোৱা পাহাৰত কেনেকৈ সুৰক্ষিত বান্ধটো? 

৪. যদি  এই বান্ধ ভাগে তেন্তে ক্ষতিপূৰণৰ ব্যৱস্থা কি? 

৫. অসম চৰকাৰে আপোনালোকে মাতি অনা দুৰ্যোগৰ কিয় দায়িত্ব ল’ব, আপোনালোকে কিয় নলয় ?

৬. সামাজিক শিতানত সোৱণশিৰি দুয়োপাৰ সুৰক্ষিত কৰিম বুলি ৫৩০ কোটি ক’ত খৰছ  কৰা হ'ল? 

৭. সোৱণশিৰিত অহা মহা প্লাবন কেনেকৈ ৰোধ কৰিব?
 
৮. সোৱণশিৰিৰ প্ৰবাহ নকমে বুলি কওতে এতিয়াই কিয় শুকাইছে ?

৯. বান্ধে যি পৰিবেশ বৈচিত্ৰ্য ধ্বংস কৰিলে ইয়াৰ পুনৰ প্ৰৱৰ্তন সম্ভৱ হ’বনে ?
 
১০. অৰুণাচলত কিয় নদী বান্ধ বন্ধ কৰিব লগা হ’ল ?

১১.  ২৭০০০ কোটি খৰছ কৰি উৎপাদিত বিজুলীৰ প্ৰতি কিলোৱাটৰ দাম বা ইউনিটত কিমান খৰছ হ’ব ? 

১২. বান্ধটো সুৰক্ষিত বুলি কেনেকৈ দাবী কৰিব? 

১৩. নৈ পৰীয়া ২২ হাজাৰ পৰিয়লাক বীমা কৰিব পাৰিবনে ? 

প্ৰণিধানযোগ্য যে, এই যি প্ৰশ্ন কৰা হৈছিল সেই সমূহৰ  উত্তৰ এন এইচ পি চিৰ সোৱণশিৰি প্ৰকল্পৰ সঞ্চালকৰ হাতত একো নাছিল।  সংগঠনটোৰ পোন্ধৰ জনীয়া দলৰ উপৰ্যুপৰি প্ৰশ্নত নিৰোত্তৰ এন এইচ পি চি কৰ্তৃপক্ষৰ ৷নামনি সোৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ এটা ইউনিট কাৰ্যক্ষম হোৱাৰ পাছত। এন এইচ পি চি ৰ  গেৰুকামুখৰ কাৰ্যালয়ত কাৰ্যবাহী সঞ্চালক আৰু AJYCP ৰে আজি বিশেষ আলোচনা অনুষ্ঠিত হয় ৷ ক্ৰুটিপূৰ্ণ এই বিতৰ্কিত জলবিদ্যুৎ প্ৰকল্প আৰু বৃহৎ নদীবান্ধ কাৰ্যক্ষম নকৰিবলৈ AJYCP এ আজি পুনৰ উত্থাপন কৰিলে দাবী।

WhatsApp Image 2026-01-07 at 12.44.38 PM

নামনি অংশত পৰিব পৰা প্ৰভাৱ আৰু বন্যপ্ৰাণী পৰিৱেশ আইন উলংঘা কৰি বিজুলী উৎপাদনৰ অভিযোগ AJYCPৰ ৷ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হব পৰা জনসাধাৰণৰ জীৱন বীমা,জীৱন আৰু সম্পত্তিৰ বীমা তথা ক্ষতিপূৰণৰ দাবী উত্থাপন কৰে সংগঠন টোৱে । সোৱণশিৰি প্ৰকল্পৰ বীমা কৰা এন এইচ পি চি য়ে AJYCPৰ এই দাবী মানি লোৱাত অপাৰগতা প্ৰকাশ কৰে। ফলত আলোচনা ব্যৰ্থ হয় আৰু ত্ৰিপাক্ষিক আলোচনাৰ পোষকতা কৰে AJYCPয়ে । AJYCPৰ  সভাপতি পলাশ চাংমাই আৰু সম্পাদক বিজন বায়নৰ নেতৃত্বত যোৱা দলটোৱে কোনো কাৰণতে বান্ধৰ নামনি অংশৰ ৰাইজৰ সুৰক্ষাৰ প্ৰশ্নত আপোচ নকৰিব বুলি হুংকাৰ দিয়ে ৷ 

AJYCPৰ  বৃহৎ নদী বান্ধ বিৰোধী আন্দোলনৰ উপদেষ্টা কেশৱ কৃষ্ণ চত্ৰধৰে কয় যে - পৰিৱেশ আৰু বন্য প্ৰাণী সংৰক্ষণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অৱমাননা কৰি বিজুলী উৎপাদন কৰিলে এন এইচ পি চি য়ে ৷২০১৪ চনৰ পাছত দ্বিতীয় বাৰলৈ বান্ধৰ নামনিত বসবাস কৰা ৰাইজৰ জীৱন সম্পত্তিৰ নিৰপত্তা সুনিশ্চিত কৰা বিষয়ক লৈ আলোচনা হৈছে ৷এন এইচ পি চি য়ে এই কাম নকৰে গতিকে ত্ৰিপাক্ষিক আলোচনাৰ জৰিয়তে বিষয়টো উপস্থাপনৰ দাবী জনোৱা হৈছে ৷

image (31)

গেৰুকামুখ