/asomiyapratidin/media/media_files/2025/09/12/whatsapp-image-2025-09-12-14-06-10.jpeg)
ডিজিটেল সংবাদ, লখিমপুৰঃ গেৰুকামুখৰ এনএইছপিচিত অব্যাহত আছে জিএছটিৰ অভিযান। বৃহৎ নদীবান্ধ নিৰ্মাণত প্রায় ১৫০কোটি টকাৰ জিএছটি ফাঁকিৰ অভিযোগ উত্থাপন হৈছে। যাৰবাবে বিজিএছ, এছজিএছ, এছঅএমএ নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাৰ্যালয়ত ৰাজ্যৰ দ্রৱ্য আৰু সেৱা কৰ বিভাগৰ এটা বৃহৎ দলে মংগলবাৰৰ পৰা অভিযান চলাই আছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/12/capturfdffdfd-2025-09-12-14-07-44.jpg)
অভিযোগ অনুসৰি, ভুৱা ইনপুট টেক্স ক্রেডিট লোৱা, ভুৱা GST ইনভয়ছ, অনলাইন পৰিবহণ পাৰ্মিট লোৱা নাছিল প্রতিষ্ঠানটোৱে। আনকি প্রতিষ্ঠানটোৱে ১৫০কোটি টকা কৰ পৰিশোধ নকৰি জিএছটি ফাঁকি দিছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/12/capture-nhpc-2025-09-12-14-09-44.jpg)
SOMA-ই গেৰুকামুখত NHPCক উপ নিবিদাৰ যোগেদি সামগ্রী যোগান ধৰিছিল। অভিযানকাৰী দলে ইতিমধ্যে প্রতিষ্ঠানটোৰ পৰা ৮কোটি টকাৰ জৰিমনা আদায় কৰিছে। আনহাতে, এতিয়াও অব্যাহত আছে ৰাজ্যৰ দ্রৱ্য আৰু সেৱা কৰ বিভাগৰ অভিযান।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us