/asomiyapratidin/media/media_files/2025/11/21/whatsapp-image-2025-11-21-11-17-45.jpeg)
ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বহুত ঘটনা সংঘটিত হৈ আহিছে। পুনৰ আন এক অঘটন সংঘটিত হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত । ঘটনাৰ বিৱৰণি মতে , বিজুলী উৎপাদনৰ পৰীক্ষণতে বৃহৎ অঘটন সংঘটিত হয় নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত । জলবিদ্যুৎ প্রকল্পটোৰ দুটা টাৰ্বাইন ঘূৰাই পাঁচ শ মেগাৱাট বিদ্যুৎ উৎপাদনৰ পৰীক্ষা চলিছিল।
উল্লেখ্য যে সেই পৰীক্ষণতে ভাগিল পাৱাৰ হাউছৰ টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং। বিয়েৰিং ভাঙাৰ পিছতে সকলো কাম অচল হৈ পৰিছিল । এই সকলো কাম অচল হৈ পৰাৰ লগে লগে পোলেণ্ডৰ পৰা বিশেষজ্ঞৰ দল আহি উপস্থিত হৈছিল আৰু অচল হৈ পৰা পাৱাৰ হাউচৰ টাৰ্বাইনৰ ৰ’টাৰৰ বিয়েৰিং ঠিক কৰে।
তাৰোপৰি পূৰ্বেও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কেইবাটাও বৃহৎ অঘটন সংঘটিত হৈছিল । পুনৰ আন এক অঘটন সংঘটিত হোৱাত বহু প্ৰশ্নৰ উত্থাপন হৈছে।
আনফালে এক প্ৰকাৰৰ বিপদৰ আশংকা কৰাৰ লগতে বিজুলী উৎপাদনতো অনিশ্চয়তা প্ৰকাশ কৰিছে ৷
পুনৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অঘটন সংঘটিত হোৱাত বহু প্ৰশ্নৰ উত্থাপন হৈছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us