/asomiyapratidin/media/media_files/2025/11/04/cfsrferfer-2025-11-04-19-47-34.jpg)
ডিজিটেল সংবাদ, বাক্সাঃ NHM কৰ্মচাৰীৰ কৰ্মবিৰতি আৰু ধৰ্ণা কাৰ্যসূচীৰ আজি দ্বিতীয় দিন। আজিৰ দিনটোতো সমকাম সমদৰমহাৰ দাবীত অটল বাক্সা জিলা NHM কৰ্মচাৰীসকল।
NHM কৰ্মচাৰীসকলৰ কৰ্মবিৰতিৰ ফলত অচল হৈ পৰিছে ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ৰ সেৱা ব্যৱস্থা। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ সতে সমমৰ্যাদা বিচাৰি ৩ নৱেম্বৰৰ পৰা ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিল NHM কৰ্মচাৰীসকলে।
বাক্সা জিলাৰ জিলা কেন্দ্ৰত ধৰ্ণা কাৰ্যসূচীত আজিৰ দিনটোতো অংশগ্ৰহণ কৰে NHM ৰ বহু শতাধিক কৰ্মচাৰীয়ে। আমাৰ দাবী ন্যায্য দাবী,আমাৰ দাবী মানি লওক, NHM জিন্দাবাদ, পে স্কেল প্ৰদান কৰক, সমকামৰ সমদৰমহা প্ৰদান কৰক আদি দাবীৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে।
উল্লেখযোগ্য যে, সমকামৰ সমদৰমহাৰ দাবীৰ তিনিদিনীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিছে NHM কৰ্মচাৰীসকলে। তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰে কেনো গুৰুত্ব প্ৰদান নকৰাত প্ৰতিবাদত নামিছে কৰ্মচাৰীসকল। ইফালে, কৰ্মচাৰীসকলৰ সৈতে আলোচনা কৰি তেওঁলোকক পুনৰ কৰ্মক্ষেত্ৰলৈ উভতাই অনাৰ বাবে চৰকাৰলৈ আহ্বান জনাই বাক্সা জিলা স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালকগৰাকীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈও আঙুলি টোৱাইছে কৰ্মচাৰী সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us