এনএইছএমৰ ৭০০ কৰ্মচাৰীয়ে কঁপালে গোলাঘাট

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰীসকলে ৰাজ্যজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। গোলাঘাট জিলাৰ প্ৰায় সাতশ কৰ্মচাৰীয়ে তেওঁলোকৰ ৯ দফীয়া দাবী পূৰণৰ বাবে ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ এক আন্দোলনৰ কায্যসূচী ৰূপায়ণ কৰে।

author-image
Asomiya Pratidin
New Update
fdfdfdfdfdfdf

ডিজিটেল সংবাদ, গোলাঘাটঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰীসকলে ৰাজ্যজুৰি অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী। গোলাঘাট জিলাৰ প্ৰায় সাতশ কৰ্মচাৰীয়ে তেওঁলোকৰ ৯ দফীয়া দাবী পূৰণৰ বাবে ৩ নৱেম্বৰৰ পৰা ৫ নৱেম্বৰলৈ এক আন্দোলনৰ কায্যসূচী ৰূপায়ণ কৰে।

WhatsApp Image 2025-11-05 at 1.40.22 PM

জিলাখনৰ পাঁচোটা সমষ্টিৰ পৰা অহা কৰ্মচাৰী সকলে স্বাস্থ্য বিভাগৰ জিলা যুটীয়া সঞ্চালকৰ কায্যালয়ত আজি অন্তিম দিনা বিভিন্ন শ্লৌগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ স্বাস্থ্যকৰ্মী সকলৰ এই আন্দোলনে গোলাঘাট সদৰত থকা ছহিদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ বিভিন্ন ৱাৰ্ডত আৰু জিলাখনৰ চিকিৎসালয় সমূহত বিৰূপ প্ৰভাৱ পৰাত ৰোগীৰ মাজত হাহাঁকাৰ লাগিছে৷

গোলাঘাট