/asomiyapratidin/media/media_files/2025/10/07/jtrssdasxasdsw-2025-10-07-19-24-24.jpg)
ডিজিটেল সংবাদ, চিৰাংঃ ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ উদ্যোগত চিৰাং জিলাৰ চিদলী আৰু বিজনী বিধানসভা ভিত্তিত কাজলগাঁও আৰু বিজনীত মেগা স্বাস্থ্যমেলা অনুষ্ঠিত হব। মঙলবাৰে জিলা সদৰ কাজলগাঁৱত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেল যোগে এই কথা সদৰি কৰে জিলা আয়ুক্ত যতীন বৰাই।
সংবাদমেলত জিলা আয়ুক্তগৰাকীয়ে ৫০ বিধ বিভিন্ন জটিল ৰোগত আক্ৰান্ত ১৮ বছৰৰ অনুৰ্ধ পাঁচ হেজাৰ লৰা ছোৱালীক বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰি স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উপৰি প্ৰয়োজনত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যত লৈ যোৱাৰ সুব্যৱস্থা গ্ৰহণ কৰাৰ লক্ষ্যৰে এই মেগা স্বাস্থ্যমেলাৰ আয়োজন কৰা হৈছে বুলি জানিবলৈ দিয়ে। আনহাতে, অহা ৯ অক্টোবৰ তাৰিখে চিদলী বিধানসভাৰ অন্তৰ্গত কাজলগাঁৱৰ উপেন্দ্ৰনাথ ব্ৰহ্ম কলেজ আৰু ১৬ অক্টোবৰ বিজনী বিধানসভাৰ অন্তৰ্গত বিজনী কলেজ চৌহদত এই মেগা স্বাস্থ্য মেলা অনুষ্ঠিত হব বুলি জিলা আয়ুক্ত যতীন বৰাই এক সংবাদমেল সদৰি কৰে।
উল্লেখযোগ্য যে, চিৰাং জিলাৰ কাজলগাঁও আৰু বিজনীত অনুষ্ঠিত হবলগা এই মেগা স্বাস্থ্যমেলাত কোকৰাঝাৰ মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজৰ উপৰি এপেলো চিকিৎসালয়ৰ পৰা হৃদৰোগ বিশেষজ্ঞ, স্নায়ুৰোগ বিশেষজ্ঞ চিকিৎসক সকলৰ উপৰি অন্যান্য ৰোগৰ বিশেষজ্ঞ চিকিৎসক সকলৰ উপস্থিতি থকাৰ উপৰি মেগা স্বাস্থ্যমেলাত অত্যাধুনিক ভ্ৰাম্যমাণ স্বাস্থ্য পৰীক্ষাৰ সুবিধা প্ৰদান কৰা হব। জিলা স্বাস্থ্য বিভাগৰ পৰা ইতিমধ্যেই বিদ্যালয় সমূহৰ পৰিদৰ্শক কাৰ্যালয়ৰ জৰিয়তেই বিভিন্ন শিক্ষানুষ্ঠানত অধ্যয়নৰত বিভিন্ন ৰোগত আক্ৰান্ত ছাত্ৰ ছাত্ৰী সকলৰ এখন খচৰা তালিকা প্ৰস্তুত কৰা হৈছে তদুপৰি অঙ্গনৱাড়ী কৰ্মী, আশা কৰ্মী সকলৰ হতুৱাই গাঁৱে-ভুঞে প্ৰচাৰ চলাই থকা হৈছে।
একেদৰে জিলাখনৰ ভাৰত-ভূটান সীমান্ত দুৰ্গম এলেকাত বসবাস কৰা ১৮ অনুৰ্ধৰ ছাত্ৰ ছাত্ৰী তথা লৰা ছোৱালী সকলে যাতে কোনো ধৰণৰ যানবাহনৰ অসুবিধা অবিহনেই কাজলগাঁও আৰু বিজনীৰ মেগা স্বাস্থ্যমেলাত আহিব পাৰে তাৰ বাবে যাতায়াতৰ বাবে বিনামূলীয়া বাছ আৰু আহাৰৰ ব্যবস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে। সেয়ে সমগ্ৰ চিৰাং জিলা বাসীয়ে যাতে এই মেগা স্বাস্থ্যমেলাৰ সুবিধা গ্ৰহণ কৰি নিজৰ সন্তানক এগৰাকী সু্স্থ নাগৰিক হিচাপে গঢ় দিব পাৰে তাৰ বাবে সকলকে আহ্বান জনায়।
এই মেগা স্বাস্থ্যমেলাত কোনো ধৰণৰ খেলিমেলি নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলে যাতে উন্নত স্বাস্থ্যসেৱা গ্ৰহণ কৰিব পাৰে তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক গৰাকীক কঠোৰ নিৰ্দেশ প্ৰদান কৰে আৰু জিলা আয়ুক্ত হিচাপে তেখেতে নিজেও পৰ্য্যবেক্ষণ কৰি থাকিব সদৰি সদৰি কৰে জিলা আয়ুক্ত যতীন বৰাই। আজিৰ সংবাদমেলত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ হাৰুন আল ৰছিদ, অতিৰিক্ত আৰক্ষী অধীক্ষক নিতিশা জগতাপ, জেএচবি অসামৰিক চিকিৎসালয়ত অধীক্ষক ডাঃ ৰেজাউল কৰিম আহমেদ আদি কৰি স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰী সকল উপস্থিত আছিল।