New Update
/asomiyapratidin/media/media_files/2025/10/16/ujjjjdd-2025-10-16-12-22-30.jpg)
ডিজিটেল ডেস্কঃ উৎকোচ লওতেই গ্ৰেপ্তাৰ হ'ল NHIDCLৰ কাৰ্যবাহী সঞ্চালক। চি বি আইয়ে NHIDCLৰ কাৰ্যবাহী সঞ্চালকক ১০লাখ টকা উৎকোচত লওতে গ্ৰেপ্তাৰ কৰে ৰিতেন কুমাৰ সিঙক। অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰিলেন যুক্ত প্ৰকল্প নিৰ্মাণৰ সময় বৃদ্ধি আৰু সম্পূৰ্ণ হোৱাৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবে ১০ লাখ টকাৰ উৎকোচ গ্ৰহণ কৰাৰ অভিযোগত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই গুৱাহাটীৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ কাৰ্যবাহী সঞ্চালক আৰু আঞ্চলিক বিষয়া মৈছনাম ৰিতেন কুমাৰ সিঙক গ্ৰেপ্তাৰ কৰে।
সিঙে এই প্ৰকল্পৰ সৈতে জড়িত ব্যক্তিগত ঠিকাদাৰৰ পৰা উৎকোচ লোৱাৰ সময়ত হাতে লোটে ধৰা পৰে। লগতে ঠিকাদাৰ প্ৰতিষ্ঠানটোৰ প্ৰতিনিধি বিনোদ কুমাৰ জৈন ধন পৰিশোধৰ ভূমিকাৰ বাবে চিবিআইয়ে আটক কৰে। সিঙৰ সৈতে জড়িত একাধিক স্থানত পৰৱৰ্তী অনুসন্ধানত ২.৬২ কোটি টকাৰ হিচাপবিহীন নগদ ধন পোৱাৰ লগতে বিভিন্ন অঞ্চলৰ ২০টা ফ্লেট আৰু ৯টা প্লটৰ মালিকীস্বত্বৰ নথি-পত্ৰও উদ্ধাৰ কৰে ।
সিং আৰু জৈন দুয়োকে গুৱাহাটীত চিবিআইৰ গোচৰৰ বিশেষ ন্যায়াধীশৰ সন্মুখত হাজিৰ কৰা হৈছিল। সিঙৰ সম্পদৰ উৎস আৰু এন এইচ আই ডি চি এলৰ অন্যান্য প্ৰকল্পতো অনুৰূপ অনিয়ম সংঘটিত হৈছে নেকি সেই বিষয়ে তদন্ত অব্যাহত ৰাখিছে সংস্থাটোৱে।