ইমান অতপালি! টোলগেটৰ কৰ্মচাৰীয়ে বান্ধি লৈ প্ৰহাৰ কৰা সেনা জোৱানৰ মৃত্যু...

দেশৰ ভিন্ন প্ৰান্তত টোল গেট সমূহত যাত্ৰীক ৰ্দুব্যৱহাৰ কৰাতো কোনো নতুন কথা নহয়। কিন্তু মিৰাটত যোৱা ১৭আগষ্টত সংঘটিত হোৱা এটা ঘটনাই এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে। যোৱা ১৭আগষ্টত সামান্য কথাতে মিৰাটৰ

author-image
Asomiya Pratidin
New Update
dddddddddddddd

ডিজিটেল ডেস্কঃ দেশৰ ভিন্ন প্ৰান্তত টোল গেট সমূহত যাত্ৰীক ৰ্দুব্যৱহাৰ কৰাতো কোনো নতুন কথা নহয়। কিন্তু মিৰাটত যোৱা ১৭আগষ্টত সংঘটিত হোৱা এটা ঘটনাই এতিয়া সমগ্ৰ দেশ জোকাৰি গৈছে। যোৱা ১৭আগষ্টত সামান্য কথাতে মিৰাটৰ ৭০৯নং ৰাষ্ট্ৰীয় ঘাইপথস্থিত মিৰাট-কৰ্ণলত থকা টোলগেটৰ কৰ্মচাৰীয়ে এগৰাকী সেনা জোৱানক বান্ধি লৈ প্ৰহাৰ কৰিছিল। এই প্ৰহাৰ ইমানেই ভয়ংকৰ আছিল যে সেনা জোৱানগৰাকীৰ মৃত্যু হৈছিল।

Advertisment

সেনা জোৱানগৰাকীৰ মৃত্যুৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথ আৱদ্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল বহুলোকে। ঘটনাৰ সন্দৰ্ভত তদন্ত কৰি শেহতীয়াকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে উক্ত টোলগেটখন পৰিচালনা কৰা প্ৰতিষ্ঠানটোক ২০লাখ টকাৰ জৰিমণাৰ লগতে আগন্তুক সময়ত টোল গেটৰ কোনো নিবিদা প্ৰক্ৰিয়াত যাতে অংশ গ্ৰহণ কৰিব নোৱাৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

মিৰাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে সংবাদ মাধ্যমৰ সন্মুখত কয় যে, ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত টোলগেটৰ ৬গৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। ৰাইজে ইতিমধ্যে টোলগেটখন ভাঙি লণ্ড-ভণ্ড কৰে। ইতিমধ্যে পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ কথা সদৰি কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৭আগষ্টত ছুটী শেষ হৈছিল সেনা বাহিনীত কৰ্মৰত জোৱানগৰাকীৰ। শ্ৰীনগৰত পুনৰ কৰ্তব্যত যোগদান বাবে গৈ থকা অৱস্থাতে সামান্য কথাতে জোৱানগৰাকীক প্ৰহাৰ কৰিছিল টোলগেটৰ কৰ্মচাৰীসকলে।

অবৈধ টোলগেট