ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰনৰ ৫ লাখ টোল পাছ মুকলি...

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, নতুনকৈ মুকলি কৰা ফাষ্টেগ বাৰ্ষিক পাছে চাৰিদিনত সমগ্ৰ দেশতে পাঁচ লাখ ব্যৱহাৰকাৰী পঞ্জীয়ন অতিক্ৰম কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দেশজুৰি যাতায়তৰ সুবিধা বৃদ্ধি কৰিবলৈ চলিত বছৰত প্ৰায় ৫ লাখ বাৰ্ষিক টোল পাছ মুকলি কৰিছে। NHAI-ৰ সূত্ৰই জনোৱা অনুসৰি, ফাষ্টেগ ব্যৱস্থাৰ সৈতে সংগতি ৰাখি যাত্ৰীৰ বাবে দ্ৰুতগতিৰ ভ্ৰমণ নিশ্চিত কৰিবলৈ এই পাছবোৰ বিতৰণ কৰা হৈছে।

Advertisment

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষইপ্ৰকাশ কৰা অনুসৰি,নতুনকৈ মুকলি কৰা ফাষ্টেগ বাৰ্ষিক পাছে চাৰিদিনত সমগ্ৰ দেশতে পাঁচ লাখ ব্যৱহাৰকাৰী পঞ্জীয়ন অতিক্ৰম কৰিছে।

বিশেষকৈ দৈনন্দিনভাৱে ৰাজপথ ব্যৱহাৰ কৰা যাত্ৰী আৰু বাণিজ্যিক গাড়ীৰ বাবে এই ব্যৱস্থা অত্যন্ত সহায়ক হৈ উঠিছে। প্ৰাধিকৰণে দাবী কৰে যে, ডিজিটেল পেমেণ্ট ব্যৱস্থাৰ সৈতে টোল পাছৰ ব্যৱহাৰে সময় ৰেহাই কৰাত সহায় কৰিছে।

লগতে এই সুবিধাই যান-জট হ্ৰাস কৰাৰ কথাও উল্লেখ কৰিছে। বেছি সংখ্যক যাত্ৰীক এই সুবিধা প্ৰদান কৰি NHAI-এ চৰকাৰৰ ‘ডিজিটেল ইণ্ডিয়া’ মিছনৰ লক্ষ্য আগবঢ়াই লৈ গৈছে।

অর্থনৈতিক মহলে আশা প্ৰকাশ কৰিছে যে, আগন্তুক বছৰত এই ধৰণৰ পাছৰ সংখ্যা ক্ৰমান্নয়ে বৃদ্ধি পাব আৰু টোল গেটত ডিজিটেল ব্যৱস্থা সম্পূৰ্ণ ৰূপে কাৰ্যকৰী হ’ব।

টোল টেক্স টোল গেট