/asomiyapratidin/media/media_files/2026/01/08/1-2026-01-08-11-19-44.jpg)
ডিজিটেল সংবাদ,বোকাখাতঃ নুমলীগড়ৰ পৰা কলিয়াবৰ পর্যন্ত ৩৭নং ৰাষ্ট্ৰীয় পথটো ফ'ৰলেনযুক্ত পথলৈ উন্নীতকৰণৰ বাবে জৰীপ অব্যাহত আছে। এই পথৰ আৰম্ভণি অংশটোতে আছে ৰাষ্ট্ৰীয় পথৰ কাষত ঐতিহাসিক নুমলীগড়।
জনশ্ৰুতি অনুসৰি, আহোম স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাই এগৰাকী কছাৰী ৰাজকুমাৰী নুমলী কুঁৱৰীক বিয়া কৰাইছিল আৰু ৰাজকুমাৰী গৰাকীৰ সুৰক্ষাৰ বাবে বা তেওঁৰ বাসস্থানৰ চাৰিওফালে ৰজাই এটা মাটিৰ গড় নিৰ্মাণ কৰি দিছিল। এয়াই নুমলীগড়।
নুমলীগড়লৈকে বিস্তৃত কছাৰী আৰু আহোম সাম্ৰাজ্যৰ স্মৃতি-বিজড়িত এই গড়টো বহুদিনৰ পৰাই অসাধু লোকৰ অবৈধ খনন আৰু অবৈধ দখলৰ কবলত পৰি প্ৰায় নিঃশেষ হওঁ হওঁ অৱস্থা।
বিগত সময়চোৱাত স্থানীয় ৰাইজ, ইতিহাসবিদ আদিয়ে গড়টোৰ উপযুক্ত সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰত্নতাত্ত্বীক বিভাগক দাবী জনাই আহিছে যদিও অদ্যপি কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগটোয়ে। মাত্ৰ গড়টোৰ সমিপত প্ৰত্নতাত্ত্বীক বিভাগৰ এখন ফলক লগায়েই দায়িত্ব সামৰিছে বিভাগটোৱে।
শেহতীয়াকৈ নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত থকা গড়টোৰ অৱশিষ্ট অংশটো এই জৰীপৰ অন্তৰ্গত হোৱাত ফ'ৰলেনযুক্ত পথে ঐতিহাসিক গড়টো গ্রাস কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে।
অৱশ্যে গড়টোৰ কোনো কাৰণতে খনন কৰিবলৈ দিয়া নহ'ব বুলি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কার্যনির্বাহক সদস্য সঞ্জীৱ শৰ্মাই সাংবাদিকক জানিবলৈ দিছে যদিও অন্যান্য জাতীয় দল-সংগঠণ অদ্যপি নিমাত।
সংৰক্ষণৰ অভাৱত ঐতিহাসিক গড়টোৰ অধিকাংশই বিলুপ্ত হ'ল। বর্তমানে অক্ষত হৈ থকা অংশটো যদি ফ'ৰলেন যুক্ত পথে গ্রাস কৰে তেতিয়া গোলাঘাট জিলাই এটা ঐতিহাসিক এটা সম্পদ হেৰুৱাব লাগিব বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।
উল্লেখ্য যে, ঐতিহাসিক গড়টোৰ লগতে উক্ত ঠাইত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুদৃশ্য তোৰণখনো উচ্ছেদ হ'ব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us