/asomiyapratidin/media/media_files/2026/01/24/vgcfddg-2026-01-24-15-58-40.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ মাজেদি যোৱা চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো আজি কেইবা শতাধিক ৰাইজে অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দীৰ্ঘদিন ধৰি এই পথছোৱাত সঘনাই সংঘটিত হৈ অহা ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত বহু লোকে অকালতে প্ৰাণ হেৰুৱাৰ লগতে শতাধিক লোকে চিৰদিনৰ বাবে পংগুত্বক আকোৱালি ল’বলগীয়া হোৱা বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে।
উল্লেখযোগ্য যে, শুকুৰবাৰে নিশাও সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ তিনি গৰাকী লোক গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁলোক তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে।
এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পথ দুৰ্ঘটনা প্ৰতিৰোধৰ দাবীত আজি গাঁওবাসী ৰাইজে বাধ্য হৈ এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে। উক্ত চাৰিলেণ্ড যুক্ত পথছোৱাত দুয়ো দিশে গতিৰোধক (স্পিড ব্ৰেকাৰ), পৰ্যাপ্ত ষ্ট্ৰীট লাইট আৰু নিয়মীয়া ট্ৰেফিক আৰক্ষীৰ ব্যৱস্থা শীঘ্ৰে কৰিব লাগে বুলি প্ৰতিবাদকাৰী ৰাইজে দাবী জনায়।
প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰি কয় যে, এই দাবীসমূহ নামানিলে আগন্তুক দিনত অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ল’বলৈ বাধ্য হ’ব ৰাইজে। ইফালে, প্ৰতিবাদৰ খবৰ পোৱাৰ পিছতেই ঘটনাস্থলীত জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত হৈ ৰাইজৰ দাবীসমূহ পূৰণৰ আশ্বাস প্ৰদান কৰে। প্ৰশাসনৰ প্ৰতিশ্ৰুতিৰ পিছতে অৱশেষত ৰাইজে পথ অৱৰোধৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us