/asomiyapratidin/media/media_files/2025/12/06/rereereererere-2025-12-06-20-30-18.jpg)
ডিজিটেল ডেস্কঃ শুকুৰবাৰে কোলামত সংঘটিত হয় এক ভয়ংকৰ ঘটনা। ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ এটা বৃহৎ অংশ ভাঙি পৰাত সমগ্ৰ অঞ্চলটোত আতংকৰ সৃষ্টি হয়।
প্ৰাপ্ত খবৰ অনুসৰি ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৃহৎ অংশটোৰ লগতে কাষৰীয়া পথ এটা কোটিয়ামৰ ওচৰৰ চাথাননুৰৰ মাইলাক্কাডুৰ ওচৰত সন্ধিয়া গুহাত সোমাই পৰে। এই ঘটনাৰ ফলত শেহতীয়াকৈ নিৰ্মিত ৰিটেইনিং ৱাল আৰু চাৰ্ভিচ ৰোড ভাঙি এখন স্কুল বাছকে ধৰি কেইবাখনো বাহন আবদ্ধ হৈ পৰে। অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।
পথত আৱদ্ধ হৈ পৰা বাহনসমূহৰ ভিতৰত থকা লোকসকলৰ লগতে শিশুসকলক নিৰাপদে উলিয়াই অনা হয়। এই ঘটনাৰ পিছতে তিৰুৱনন্তপুৰম আৰু কোল্লাম দুয়োখন দিশলৈ যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰে। চাথাননুৰৰ বিধায়ক জি এ জয়লালে সেই স্থান পৰিদৰ্শন কৰে। পি ডব্লিউ ডিৰ মন্ত্ৰী পি এ মহম্মদ ৰিয়াছে তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে সচিবক এন এইছ এ আই কৰ্তৃপক্ষৰ পৰা তৎক্ষণিক প্ৰতিবেদন বিচাৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ইফালে, পথটোৰ নিৰ্মাণৰ মানদণ্ডক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
আনহাতে এই ঘটনাৰ পাছতে এন এইছ এ আইৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ। "৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ এটা টাইম বোমা হৈ পৰিছে যিটো যিকোনো ঠাইতে যিকোনো সময়তে ভাঙি পৰিব পাৰে" বুলি উল্লেখ কৰিছে দলটোৱে। লগতে সামাজিক মাধ্যমত মন্ত্ৰী নিতীন গাডকাৰীকো তীব্ৰ সমালোচনা কৰে কংগ্ৰেছে।
এক্সত কংগ্ৰেছে সদৰী কৰিছে যে, সতৰ্কবাণীক আওকাণ কৰি জনসাধাৰণৰ সুৰক্ষাক গুৰুত্ব নিদিলে কি হয় তাৰ প্ৰতীক হৈ পৰিছে ৬৬ নং ৰাষ্ট্ৰীয় ঘাইপথ। কোলামৰ মাইলাক্কাডুৰ এই ঘটনা কোনো দুৰ্ঘটনা নহয়— ই ত্ৰুটিপূৰ্ণ ডিজাইন, অৱহেলিত সতৰ্কবাণী, খৰখেদা আৰু দুৰ্নীতিৰ দ্বাৰা কলংকিত নিৰ্মাণ প্ৰক্ৰিয়াৰ প্ৰত্যক্ষ ফল। কুৰিয়াড কাণ্ডৰ পিছত এই ব্যৰ্থতাসমূহ ইতিমধ্যে উদঙাই দিছিল পিএচিয়ে। তথাপিও একো সলনি নহ’ল। মোডী চৰকাৰে দায়িত্ব ল’বলৈ অস্বীকাৰ কৰাৰ বাবেই মানুহে ক্ষতিগ্ৰস্ত হৈয়েই আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us