ধুবুৰীৰ মটেৰঝাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ

ধুবুৰী জিলাৰ মটেৰঝাৰ এলেকাত শনিবাৰে স্থানীয় ৰাইজে ১২৭-বি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

author-image
Asomiya Pratidin
New Update
vvvvvv

ডিজিটেল সংবাদ, ধুবুৰীঃ ধুবুৰী জিলাৰ মটেৰঝাৰ এলেকাত শনিবাৰে স্থানীয় ৰাইজে ১২৭-বি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰে'ল বিভাগৰ হঠকাৰী সিদ্ধান্ত বিৰুদ্ধে উলাই আহিল অঞ্চলটোৰ শতাধিক ৰাইজ। 

Advertisment

ৰাইজে স্থানীয় যাতায়তৰ বাবে বাহাল থকা মুখ্য পথ এটা ৰে'লবিভাগে বন্ধ কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰে। নৱনিৰ্মিত ১২৭-বি ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পিছত কোনো আগতীয়াকৈ জাননী অবিহনে বৃহত্তৰ মটেৰঝাৰ অঞ্চলত থকা পথটো ৰে'ল বিভাগে বন্ধ কৰাৰ এই সিদ্ধান্ত লোৱাত ক্ষুব্ধ হৈ পৰে জনসাধাৰণ।

Capturey

প্ৰায় ২০ খন গাঁওক সংযোগ কৰা সেই পথটো বন্ধ হোৱাত স্থানীয় ৰাইজ যাতায়তৰ সমস্যাত পৰিছে। যাৰবাবে অঞ্চলটোৰ প্ৰায় পাঁচ শতাধিক পুৰুষ-মহিলাই ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ সৃষ্টি কৰি ৰেল বিভাগৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে পূৰ্বৰ দৰে পথটো বাহাল ৰাখিবলৈ দাবী জনাইছে। লগতে এই সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত ৰাখিব বুলি জনাইছে প্ৰতিবাদকাৰীয়ে।

ধুবুৰী