/asomiyapratidin/media/media_files/2026/01/18/c1c58e44-217b-4dd2-8715-3adc0b1cde88-2026-01-18-17-28-33.jpeg)
ডিজিটেল ডেস্কঃ দেশৰ ভিতৰত এতিয়াও এনে স্থান আছে, য’ত অবৈধভাৱে কুৱেৰীত অবৈধ খনন অব্যাহত আছে। ওড়িশাৰ জাজপুৰ জিলাৰ মাণ্ডুকা মৰাম কুৱেৰীত অবৈধ খনন আৰু পৰিৱেশ নিষ্কাশনৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ তদন্তৰ বাবে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ চমুকৈ NGTৰ যৌথ তদন্ত সমিতি গঠন কৰে।
চলিত বৰ্ষৰ ১৫ জানুৱাৰীত জাজপুৰৰ বাসিন্দা সঞ্জীৱ সমল আৰু কৃষ্ণচন্দ্ৰ সাহুৱে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কলকাতাৰ NGTৰ ইষ্ট জ’ন বিচাৰপীঠে তদন্তৰ নিৰ্দেশ দিয়ে। মাণ্ডুকাত ৪.৮৫৬ হেক্টৰ ভূমিত এজন ব্যক্তিগত পট্টাধাৰীয়ে অবৈধভাৱে শিলৰ কুৱেৰীটো চলাই থকাৰ লগতে অনুমোদিত ছয় মিটাৰত অধিক গভীৰতাত খনন কৰা অভিযোগ উত্থাপন হৈছে।
ইয়াৰ উপৰি গাঁওখনৰ পথৰ মাজেৰে খনিজ পদাৰ্থ পৰিবহণ কৰাৰো অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰি উত্থাপিত অভিযোগ অনুসৰি, অতিৰিক্ত ওজন কঢ়িওৱা বাহনসমূহ মাণ্ডুকা গাঁও, চাৰিনংগল আৰু মাণ্ডুকা প্ৰাথমিক বিদ্যালয়ৰ কাষেৰে পাৰ হৈ যোৱাৰ ফলত বাসিন্দা আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ জীৱন বিপন্ন হৈছে।
ভিডিঅ’ লিংকৰ জৰিয়তে হাজিৰ হোৱা আবেদনকাৰীৰ হৈ অধিবক্তা শংকৰ প্ৰসাদ পাণী আৰু আশুতোষ পাধীয়ে ব্যক্তিগত পক্ষক দিয়া পৰিৱেশ অনুমোদন বাতিল কৰাৰ বাবে আৱেদন জনায়।
এই গুৰুতৰ অভিযোগৰ তদন্তৰ বাবে ন্যায়াধিকৰণে এখন যৌথ সমিতি গঠন কৰে, য’ত ওড়িশা ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, খনিৰ উপ-সঞ্চালক, MoEF&CC আঞ্চলিক কাৰ্যালয়ৰ বিষয়া আৰু জাজপুৰৰ জিলা দণ্ডাধীশে ন’ডেল এজেন্সী হিচাপে কাম কৰিব। গঠন কৰি দিয়া এই সমিতিখনক ৮ সপ্তাহৰ ভিতৰত এক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us