/asomiyapratidin/media/media_files/2026/01/18/1-2026-01-18-11-58-18.jpg)
ডিজিটেল ডেস্কঃ 'উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ এক ঐতিহাসিক সংযোজন-কামাখ্যা জংচনৰ পৰা হাওৰালৈ চলা তীব্ৰবেগী 'বন্দে ভাৰত এক্সপ্ৰেছ'ৰ লগত সংগতি ৰাখি আজি এন এফ ৰে'লৱে "NEXT GENERATION TRAIN" শীৰ্ষক ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰে। ৰে'লৱেৰ বিষয়া-কৰ্মচাৰীৰ লগতে স্থানীয় বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-11-55-57.jpeg)
উল্লেখ্য যে, প্ৰতিযোগিতাত সোণতলীৰ 'নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ মালিগাঁৱস্থিত ৰে'লৱে হায়াৰ ছেকেণ্ডেৰী স্কুলত অধ্যয়ণৰত পিতৃ ছিৰাজুল হক তথা চৈয়দা মেৰীনা আহমেদৰ সন্তানদ্বয় ক্ৰমে—আতহাৰ নাদিদ ভূঞাই প্ৰথম আৰু আতহাৰ নাহিন ভূঞাই দ্বিতীয় স্থান অধিকাৰ কৰি সোণতলীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-imag-2026-01-18-11-56-31.jpeg)
নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুলখনে বিগত দিনত শিক্ষাৰ্থীসকলক বৈশ্বিক শিক্ষাৰে শিক্ষিত কৰিছিল তাৰেই এয়া এক উৎকৃষ্ট উদাহৰণ। ৰে'লৱে উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা নাজমা-হীৰা মেম'ৰিয়েল পাব্লিক স্কুল দুখনৰ ৰাইজে সৰ্বাংগীন বিকাশ কামনা কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/18/whatsapp-image-2026-01-18-11-57-04.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us