প্রধানমন্ত্ৰী হ’ব নোৱাৰে মোডী! কোনে কৰিলে ভৱিষ্যৎবাণী…

প্রধানমন্ত্ৰী হ’ব নোৱাৰে মোডী! কোনে কৰিলে ভৱিষ্যৎবাণী…

ডিজিটেল ডেস্কঃ আকৌ এবাৰ মোডী- বিজেপিৰ শ্লগান এয়া। দলটোৰ নেতা-কৰ্মীয়ে দাবী কৰে আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোডী। কিন্তু প্ৰধানমন্ত্ৰী পুনৰ হ'ব নোৱাৰে মোডী। এই দাবী কৰিলে দেশৰ এজন প্ৰবীণ ৰাজনীতিবিদে। এন চি পি নেতা শাৰদ পাৱাৰে কয়- 'আগন্তুক লোকসভা নিৰ্বাচনত মোডী আকৌ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে।'

মোডী সন্দৰ্ভত এইদৰে ভৱিষ্যৎবাণী কৰি পাৱাৰে লগতে কয়- 'মই নাভাবো নৰেন্দ্ৰ মোডী আকৌ এবাৰ প্ৰধানমন্ত্ৰী হ'ব পাৰিব বুলি। বিজেপিয়ে হয়তো বেছি সংখ্যক আসন লাভ কৰিব, কিন্তু সেই আসনৰে চৰকাৰ গঠন সম্ভৱ নহ'ব।' সংবাদমাধ্যমৰ সৈতে হোৱা কথোপকথনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই দাবী কৰে।

যদি তেনে পৰিস্থিতিৰ সৃষ্টি হয়, তেন্তে বিজেপিক সমৰ্থন কৰিব লগা ৰাজনৈতিক দলবোৰে মোডীক সমৰ্থন কৰিব নে নকৰে, বা মোডী প্ৰধানমন্ত্ৰী ৰূপে বিচাৰিব নে নিবিচাৰে সেয়া লক্ষণীয় হ'ব। উল্লেখযোগ্য যে, ৭৮ বছৰীয়া শাৰদ পাৱাৰে এইবাৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে। তেওঁ প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিটোত এইবাৰ পাৱাৰৰ নাতি পাৰ্থ পাৱাৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in