/asomiyapratidin/media/media_files/2025/11/16/232-2025-11-16-18-58-23.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰ : দেশৰ সংবাদ সেৱাৰ স্বাধীনতা অক্ষুণ্ণ ৰক্ষাৰ বাবে ১৯৯৭ চনৰ পৰা ১৬ নৱেম্বৰ দিনটো প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই 'ৰাষ্ট্ৰীয় প্ৰেছ দিৱস' হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সমগ্ৰ দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেওবাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস চৰকাৰীভাৱে উলহ মালহৰে উদযাপন কৰাৰ বিপৰীতে কলিয়াবৰত পৰিলক্ষিত হ'ল এখন বিপৰীত ছবি।
ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালনৰ কথা পাহৰিলে কলিয়াবৰ সমজিলা প্ৰশাসনে। বিগত প্ৰত্যেক বছৰেই কলিয়াবৰ মহকুমা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰি আহিছিল যদিও এইবেলি সমজিলা প্ৰশাসনে প্ৰেছ দিৱস আয়োজন কৰাৰ পৰা বিৰত থকাত আশ্চৰ্য প্ৰকাশ কৰিছে কলিয়াবৰৰ সংবাদসেৱীসকলে।
ইয়াৰ বিপৰীতে কলিয়াবৰ প্ৰেছ ক্লাবে নিজাববীয়াকৈ অনুষ্টুপীয়াকৈ হ'লেও ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিলে প্ৰেছ ক্লাবত। লগতে ৭০ দশকৰ পৰা ধাৰাবাহিকভাৱে বৰ্তমানলৈকে বাতৰি কাকত পঢ়ুৱৈ সমাজৰ তিনিগৰাকী বিশিষ্ট বয়োজ্যেষ্ঠ প্ৰেছ ক্লাবে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসলৈ আমন্ত্ৰণ জনায় সম্বৰ্ধনা জ্ঞাপন কৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত।
১৯৫৫ চনৰে পৰা চাহ বাগিচাৰ আৱাসী হৈ থকা কালতে পিতৃয়ে ডাকত অনা 'সাপ্তাহিক অসম বাণী' কাকতৰে সংযোগ স্থাপন কৰা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী তথা বিশিষ্ট সাহিত্যিক গুণীন হাজৰিকাই সম্বৰ্দ্ধনা গ্ৰহণ কৰি বাতৰি কাকতৰ বাতৰিৰ নিৰ্ভৰযোগ্যতা আৰু সম্পাদকৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ বিষয়ে অৱলোকন কৰে। আন এগৰাকী সম্বৰ্দ্ধিত ব্যক্তি কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সলিল কুমাৰ মিত্ৰয়েও সাংবাদিকসকলৰ কৰণীয়ৰ বিষয়ে অৱগত কৰি কয় – "তৰোৱালতকৈ কাপ শ্ৰেষ্ঠ", সেয়ে সাংবাদিকসকলে বাতৰিৰ গ্ৰহণযোগ্যতাৰ বিষয়ে সদা সচেতন হোৱা উচিত।
তদুপৰি, কলিয়াবৰৰ এগৰাকী জ্যেষ্ঠ বাতৰি কাকতৰ পঢ়ুৱৈ ভোলানাথ গোস্বামীয়েও বৈদ্যুতিন মাধ্যমৰ বাতৰিৰ বহুল প্ৰসাৰে বাতৰি কাকতৰ পাঠক হ্ৰাস হোৱা বিষয়ে চিন্তা প্ৰকাশ কৰে।প্ৰাক্তন সভাপতি তপন শইকীয়াই কলিয়াবৰ প্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়োৱা সভাত অৱসৰপ্ৰাপ্ত শিক্ষক বিপুল হাজৰিকা, অতুল দাস, দিলীপ বৰদলৈ, প্ৰভাত বৰা, নৰেণ হাজৰিকা, নীলমণি শইকীয়া, বসন্ত দাস, নিকুমণি ভাগৱতী, জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী বৰ্ণালী দাস মুক্তিয়াৰকে প্ৰমুখ্য কৰি ৰাইজ, প্ৰেছ ক্লাবৰ সদস্যসকল উপস্থিত থাকে।
উল্লেখ্য যে যি সয়য়ত সমগ্ৰ দেশৰ লগতে ৰাজ্য চৰকাৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিছে তেনে সময়তে কলিয়াবৰ সম জিলা প্ৰশাসনে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন নকৰি গ্ৰহণ কৰা উদাসীন আৰু নিলিপ্ত ভূমিকাক উপস্থিত ৰাইজে একে মুখে ধ্বিকাৰ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us