বাক্সাৰ কাৰাগাৰত শ্যামকানু-সিদ্ধাৰ্থক বৰ বেয়াকৈ চেঁপিছে ইডিয়ে!

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা বৰ্তমান আছে বাক্সাৰ নিকাচি জেইলত।  জেইলত থাকিও আন এক বিপদৰ সন্মুখীন হৈছে এই দুই অভিযুক্ত।  অৰ্থনৈতিক

author-image
Asomiya Pratidin
New Update
dujjjdd
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুত অভিযুক্ত শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মা বৰ্তমান আছে বাক্সাৰ নিকাচি জেইলত।  জেইলত থাকিও আন এক বিপদৰ সন্মুখীন হৈছে এই দুই অভিযুক্ত।  অৰ্থনৈতিক দিশত সংঘটিত হোৱা ভিন্ন খেলি মেলিক লৈ শেহতীয়াকৈ জেইলতে এনফ’ৰ্চমেণ্ট ডাইৰেক্ট দলৰ জেৰাৰ সন্মুখীন শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা।
উল্লেখ কৰা প্ৰয়োজন যে, জুবিন গাৰ্গৰ মৃত্যুৰ লগতে এই দুই অভিযুক্তৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধৰ গোচৰো ৰুজু কৰা হৈছে।  প্ৰথমবাৰৰ বাবে বাক্সাৰ জে’লত উপস্থিত হৈ ই ডিয়ে জেৰা চলাইছে জুবিন হত্যাৰ ২ অভিযুক্তক।
বহু সময় ধৰি দুয়োকে ধাৰাবাহিকভাৱে জেৰা চলাইছে ইডিয়ে। পৃথক পৃথককৈ দুয়োকে কেইবাঘন্টা জুৰি জেৰা চলাই বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰিছে ই ডিয়ে।  যোৱা ১৯ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে প্ৰথমে  ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে সিদ্ধাৰ্থ আৰু শ্যামকানুৰ বিৰুদ্ধে এজাহাৰ দাখিল হোৱাৰ পিছতে  পৰৱৰ্তী সময়ত দুয়োৰে বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল CID আৰু ই ডিয়ে। 
জুবিন গাৰ্গ