/asomiyapratidin/media/media_files/2025/11/24/ujjjd-2025-11-24-10-03-47.jpg)
ডিজিটেল ডেস্কঃ কাৰ্যালয়তে এগৰাকী যুৱতী সাংবাদিকে আত্মহত্যা কৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। কিয় যুৱতীগৰাকীয়ে এনে সিদ্ধান্ত গ্ৰহণ কৰিলে তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। এনে সময়তে যুৱতীগৰাকীৰ পিতৃয়ে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, সকলো ঠিকেই চলি আছিল। বিয়াৰ বাবে মিঠাই, খোৱাৰ সামগ্ৰী, কাপোৰ সকলো বজাৰ ঠিক কৰা হৈছিল। হঠাতে কিয় এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেয়া মোৰ বাবেও আচৰিত।
পিতৃয়ে লগতে জনায় যে, যুৱতীগৰাকী বিগত প্ৰায় ডেৰ বছৰৰ পৰা তেওঁলোকৰ পৰা নিলগে বাস কৰিছিল। এগৰাকী বান্ধৱীৰ সৈতে ভাড়াঘৰত বাস কৰিছিল যুৱতীগৰাকীয়ে। কাহিলীপাৰাৰ পিতৃয়ে চাকৰি সূত্ৰে থকা কোৱাৰ্টাৰত ঠাইৰ অভাৱৰ বাবে ভাড়াঘৰত থাকিবলৈ লৈছিল বুলি সদৰি কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে।
আনহাতে কাৰ্যালয়ৰ কোঠাতে আত্মহত্যা কৰা যুৱতীগৰাকী ধনৰ অভাৱৰ বাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে একাংশই। যুৱতীগৰাকীৰ নিথৰ দেহ সাৱটি জ্যেষ্ঠ ভগ্নীয়েও ধনৰ প্ৰসংগৰ কথা উনুকিয়াই হিয়া ঢাকুৰি কন্দা পৰিলক্ষিত হৈছে।
যুৱতীগৰাকীৰ পিতৃয়ে লগতে জনায় যে, যোৱা ২২নৱেম্বৰত ফোন কৰোতে মোক ফাঁচী বজাৰত বিয়াৰ বজাৰ কৰিবলৈ যোৱা বুলি জনাইছিল। ৰাতি কথা পতাৰ কথা আছিল যদিও দেৰি হোৱাৰ বাবে মই ফোন নকৰিলো। উল্লেখ কৰা প্ৰয়োজন যে, অহা ৫ডিচেম্বৰত বিয়াৰ দিন আছিল যুৱতীগৰাকীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us