/asomiyapratidin/media/media_files/2025/12/12/web-cjm-1-2025-12-12-11-46-23.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চি জে এম আদালতত দাখিল জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ ছাৰ্জশ্বিট। মুন্না প্ৰসাদ নেতৃত্বত অহা দলটোৱে ৩৫০০পৃষ্ঠাজোৰা এই ছাৰ্জশ্বিট ৰ'জি কলিতা, মৰমী মেধি আৰু নৱ ডেকাই দাখিল কৰে আদালতত।
ছাৰ্জশ্বিট দাখিলৰ দিনটোত আদালতত বাহিৰত ভিৰ কৰে বহু সংখ্যক জুবিন অনুৰাগীয়ে। ইফালে সামাজিক মাধ্যমতো জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে পুনৰ টেণ্ডিঙত চলিছে জাষ্টিছ ফৰ জুবিন শীৰ্ষক ডিজিটেল আন্দোলন।
উল্লেখ কৰা প্ৰয়োজন যে, ১৮/২০২৫গোচৰৰ তদন্তৰ অভিযোগনামা দাখিল কৰা হৈছে আদালতত। ৩শতাধিক লোকৰ সাক্ষ্য বন্দী কৰা হৈছে এই অভিযোগনামাত। কোনো দোষী যাতে আদালতৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে তদন্তকাৰী দলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us