বাসুগাঁও ৰে'লষ্টেচনত ৰে'লপথৰ শিল যোগানৰ নামত দুৰ্নীতি সংঘটিতৰ অভিযোগ

বাসুগাঁও ৰে'লষ্টেচন এলেকাৰ ৰে'লপথৰ প্ৰয়োজনীয় শিল যোগান ধৰাৰ নামত ঠিকাদাৰে কৌশলপূৰ্ণ ভাবে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ চিৰাং জিলাৰ বাসুগাঁও ৰে'লষ্টেচনত ৰে'লপথৰ শিল যোগান ধৰাৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে । বাসুগাঁও ৰে'লষ্টেচন এলেকাৰ ৰে'লপথৰ প্ৰয়োজনীয় শিল যোগান ধৰাৰ নামত ঠিকাদাৰে কৌশলপূৰ্ণ ভাবে দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল। পৰৱৰ্তী সময়ত ৰে'লবিভাগৰ দুৰ্নীতি নিবাৰক শাখাই ঠিকাদাৰে ব্যাপক অনিয়মৰ মাজেৰে যোগান ধৰা শিলৰ ষ্টেগ অনুপযোগী বুলি ঘোষনা কৰি ৰে'লপথত ব্যৱহাৰ কৰাৰ বাধা আৰোপ কৰিছিল। 

3574cbb5-455e-4bb4-ab98-06f839a30b56

আশ্চৰ্য্যজনক বিষয় যে বাসুগাঁও ৰে'লষ্টেচনৰ দক্ষিণ-পশ্চিম দিশত মজুত কৰি ৰখা শিলৰ ষ্টেগ ৰে'লবিভাগৰ দুৰ্নীতি নিবাৰক শাখাই পাঁচ মাহ পূৰ্বতে অনুপযোগী বুলি ঘোষনা কৰি থোৱা শিল আজি ৰহস্যজনক ভাবে ৰে'লবিভাগৰ বিষয়া -অভিযন্তাই মৌখিক ভাবে অনুমোদন দি পশ্চিমবংগৰ জনৈক চক্ৰবৰ্তী নামৰ এজন ঠিকাদাৰৰ হতুৱাই উক্ত ব্যৱহাৰ অনুপোযোগী মজুত কৰা ৰখা শিলৰ ষ্টেগৰ পৰা জেচিবি আৰু টেক্টৰেদি বাসুগাঁও ৰে'লগেটৰ ৰে'লপথত ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । 

abc93c9c-b3b4-4614-b012-b88ffc885e78

উল্লেখ্য যে যোৱা জুলাই মাহ ১৫ তাৰিখে কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ জনৈক ইছলাম নামৰ এজন ঠিকাদাৰে ৰে'লপথৰ শিল যোগান ধৰি শিলৰ ষ্টেগ বনোৱাৰ সময়ত ব্যাপক অনিয়ম সংঘটিত কৰিছিল। যি অনিয়মৰ দৃশ্য স্থানীয় এগৰাকী সচেতন লোকৰ চিচি টিভি কেমেৰাত বন্দী হৈছিল । পিছত নাম প্ৰকাশত অনিচ্ছুক ব্যক্তি গৰাকীয়ে শিলৰ ষ্টেগ বনোৱাৰ সময়ত কৰা অনিয়মৰ তথ্য সহকাৰে ৰে'লবিভাগৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ দাখিল কৰিছিল। সেই মতে চলিত বৰ্ষৰ জুলাই মাহত দুৰ্নীতি নিবাৰক শাখাই ঘটনাস্থলীত উপস্থিত হৈছে ক্ষেত্ৰভিত্তিক তদন্ত কৰি উক্ত শিলৰ যোগানৰ নামত অনিয়ম হোৱা বুলি নিশ্চিত হোৱাৰ পিছত উক্ত শিলৰ ষ্টেগ ৰে'লপথত ব্যবহাৰ অনুপযোগী বুলি ঘোষিত কৰিছিল । কিন্তু আজি পৰ্যন্ত শিলখিনি ৰে'লপথত ব্যৱহাৰ ছটিয়াবলৈ লৈ যোৱাৰ সময়ত স্থানীয় লোকে উপস্থিত ঠিকাদাৰৰ প্ৰতিনিধিক প্ৰশ্ন কৰাত সদুত্তৰ দিবলৈ অপৰাগ হয়। পিছত সন্দেহ ওপজাত সংবাদ মাধ্যমৰ লোকক খবৰ দিয়ে । খবৰ লাভ কৰি সংবাদ মাধ্যমৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ভিডিঅ' সংগ্ৰহ কৰাৰ ক্ষন্তেক পিছতেই জেচিবি আৰু টেক্টৰ তাৰ পৰা পলায়ন কৰে । 

পাছত সাংবাদিক সকলে অনুসন্ধান কৰি ৰে'লবিভাগৰ পৰা অনুপোযোগী শিল বুলি ঘোষিত কৰা শিল কঢ়িওৱাৰ কাম কোনে কৰিব দিছে তাৰ কোনো লিখিত অনুমতি পত্ৰ আছে নে নাই এই সন্দৰ্ভত আলিপুৰ দুৱাৰৰ জনৈক চক্ৰৱৰ্তী উপাধিৰ ঠিকাদাৰক প্ৰশ্ন কৰাত তেখেতে কয় যে বাসুগাঁও ৰে'লষ্টেচনৰ দায়িত্বপ্ৰাপ্ত ৰেল অভিযন্তা জ্ঞান প্ৰকাশে মৌখিক ভাবে উক্ত শিল খিনি লৱলৈ অনুমতি দিছিলে কাৰণে তেখেতে লৈছিল কিন্তু শিলখিনি ব্যবহাৰ উপযোগী যে অনুপযোগী সেই সন্দৰ্ভত তেখেত অৱগত নহয় বুলি জানিবলৈ দিয়ে। 

98de17e6-2fa5-477d-815a-df1adafcd37e

এই সন্দৰ্ভত বিশদ জানিবলৈ হলে ৰে'ল অভিযন্তা প্ৰবীৰ দেৱনাথৰ সৈতে যোগাযোগ কৰিবলৈ পৰামৰ্শ দিয়ে । সেই মৰ্মে সাংবাদিক সকলে ৰেলবিভাগৰ অভিযন্তা প্ৰবীৰ দেৱনাথৰ সৈতে মোবাইল ফোনত যোগাযোগ কৰি সমগ্ৰ বিষয়টো জানিব বিচাৰে আৰু উক্ত শিল কঢ়িয়াই নিবলৈ ৰে'লবিভাগৰ লিখিত অনুমতি আছেনে বুলি প্ৰশ্ন কৰাত তেখেত সদুত্তৰ দিব নোৱাৰি ছালে বেৰে কোবাই উপায়ন্তৰ হৈ ফোন কাটি দিয়ে আৰু তেতিয়াই সমগ্ৰ বিষয়টো সন্দেহজনক হৈ পৰে। বাসুগাঁও ৰে'লষ্টেচনৰ এই ৰে'লপথৰ শিল যোগান নামত কেলেংকাৰী সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে আৰু কাণ্ডত ৰে'লবিভাগৰ অভিযন্তা প্ৰবীৰ দেৱনাথ আৰু জ্ঞান প্ৰকাশৰ ভূমিকা সন্দেহজনক বুলি অভিযোগ উত্থাপন কৰে সমগ্ৰ বিষয়টো পোহৰলৈ অনা স্থানীয় লোক সকলে। এইক্ষেত্ৰত ৰে'লবিভাগৰ দুৰ্নীতি নিবাৰক শাখাই আগলৈ কিধৰণৰ ব্যবস্থা কৰে সেয়া লক্ষ্যনীয় হ'ব।

বাসুগাওঁ