/asomiyapratidin/media/media_files/2026/03/03/new-ap-web-11-2026-03-03-16-04-30.jpg)
ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হ'ল ৰঙৰ উৎসৱ ফাকুৱা। এই ফাকুৱাৰ দিনাই মুক্তি লাভ কৰিলে হেমন্ত ভাগৱতীৰ দ্বাৰা ৰচিত "জুবিন জ্যোতি" শীৰ্ষক জুবিন গাৰ্গৰ সোঁৱৰণত সজাই তোলা এটি সুমধুৰ গীত। গীতটোৰ সংগীত ব্যৱস্থাপনা কৰিছে দেৱাশীষ পৰাশৰে। এক ঘৰুৱা পৰিৱেশত গীতটি উন্মোচন কৰে জুবিনৰ একান্ত বিশ্বস্ত সহযোগি শিল্পী ৰাজা বৰুৱাই। এই কাৰ্যসূচীত উপস্থিত আছিল বিশিষ্ট কন্ঠশিল্পী দিলীপ দাস, অভিনেতা ভগৱত প্ৰীতম দত্ত, সংগীত নাটক একাডেমী বঁটা প্ৰাপক ৰঞ্জুমনী শইকীয়া,কন্ঠ শিল্পী বৰ্নালী দাস আৰু আন্যান্য বিশিষ্ট লোকসকল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/whatsapp-image-2-2026-03-03-16-01-36.jpeg)
উল্লেখ্য যে, গীতটি উন্মোচনৰ পূৰ্বে হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট কন্ঠশিল্পী দিলীপ দাসে। এই অনুষ্ঠানত উপস্থিত সকলোৱেই জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যপন কৰা পৰিলক্ষিত হয়। গীতটি উন্মোচন কৰি ৰাজা বৰুৱাই মন্তব্য প্ৰদান কৰে । তেওঁ কয় যে- ''জুবিনৰ অবৰ্তমানত সৃষ্ট পৰিৱেশ পৰিস্থিতি লগতে জুবিনৰ ব্যক্তিত্ব আদৰ্শ চিন্তা চেতনাক সামৰি প্ৰস্তুত কৰা 'জুবিন জ্যোতি ' শীৰ্ষক গীতটো বৰ সুন্দৰ হৈছে। গায়কী,কথা-সুৰ,সংগীত ব্যৱস্থাপনা অতি উচ্চ মানদণ্ডৰ। সকলোৰে অন্তৰ চুই যোৱা এই গীতটি ৰাইজে যে আদৰি ল'ব। মই এই ক্ষেত্ৰত এশ শতাংশই নিশ্চিত। '' এনেদৰে মন্তব্য কৰি জুবিনৰ একালৰ বাদ্যযন্ত্ৰী ৰাজা বৰুৱা অতি আৱেগিক হৈ পৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/whatsapp-im-2026-03-03-16-02-04.jpeg)
শিল্পী দিলীপ দাস,অভিনেতা ভগৱত প্ৰীতম দত্ত, শিল্পী ৰঞ্জুমনী শইকীয়া,বৰ্নালী দাস আৰু সেউজ নগৰ টিলা উন্নয়ন সমিতিৰ সভাপতি বিষ্ণু দত্তই ভাগৱতীৰ শলাগ লয়। তেওঁ কয় যে- সকলোকেই গীতটি অদৰি ল'বলৈ উপস্থিত সকলোৱেই আহ্বান জনাই। হেমন্ত ভাগৱতীয়ে গীতটিৰ আঁৰৰ সৃষ্টি সম্পৰ্কে সকলোকে অৱগত কৰে। প্ৰায় ছয়মাহ জোৰা প্ৰচেষ্টাৰ অন্তত এই গীতটি সম্পূৰ্ণ হৈ উঠাৰ কথা অৱগত কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/03/whatsapp-imag-2026-03-03-16-02-34.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us