/asomiyapratidin/media/media_files/2025/09/21/ujjjj-2025-09-21-11-12-50.jpg)
ডিজিটেল ডেস্কঃ ইমান মৰম, ইমান আকুলতা, ইমান হেপাঁহ ! কোটি কোটি জনৰ আৰ্শীবাদ বুকুত সামৰি সৰগলৈ শেষ যাত্ৰা জুবিনৰ। বিমান বন্দৰৰৰ পৰা খানাপাৰালৈ লাখ লাখ লোকৰ সমদল। প্ৰখৰ ৰ'দতো জুবিন অহা এম্বুলেন্সৰ পাছে পাছে আহি আছে অনুৰাগী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/494e39b0-fc88-4a55-baf1-0d50a0f68d8a-2025-09-21-10-47-36.jpg)
জীৱিত অৱস্থাত সকলোৱে বিচাৰিছিল জুবিন অলপ শান্ত হওঁক! কিন্তু ইমান শান্ত হৈ বিদেশৰ পৰা অসমলৈ ঘূৰি আহিব বূুলি হয়তো কোনোৱেই কামনা কৰা নাছিল। সেয়েহে আজি নলবাৰী, দদৰা, হাজোৰ পৰা খোজেৰেও জুবিনৰ কাষলৈ আহিছে বহু অনুৰাগী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/daed743a-2ceb-45f9-b1be-76d9d9b1b9a6-2025-09-21-10-49-31.jpg)
বৰঝাৰৰ পৰা জুবিনৰ নশ্বৰ দেহ কঢ়িয়াই অনা বাহনখন জনসমুদ্ৰ ফালি কাহিলীপাৰাৰ দিশে গতি কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/8921e0f5-a7fd-4419-966a-9b77d1d11ab5-1-2025-09-21-11-14-45.jpg)
জুবিনৰ এই শেষ যাত্ৰাৰ সংগী হৈছে পত্নী গৰিমা গাৰ্গৰ লগতে তেওঁ ঘনিষ্ঠ কেইজন মান লোক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/d1867bc8-7094-4217-a742-1ec4982ec07a-2025-09-21-11-05-39.jpg)
উল্লেখ্য যে, প্ৰথমে কাহিলিপাৰা আৰু তাৰ পিছত সৰুসজাইলৈ লৈ যোৱা হ'ব জুবিনৰ নশ্বৰ দেহ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/09/21/623b58aa-234a-4755-8ccf-22549acc1665-2025-09-21-11-05-58.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us